মৌচুমীৰ খোৱাটো ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, দেশৰ বেছিভাগ ঠাইতে মৌচুমীৰ ৰসৰ দোকান নিশ্চিতভাৱে দেখা পাব ৷ এই ফলবিধত বহুতো স্বাস্থ্য উপকাৰিতা লুকাই আছে ৷ মৌচুমীক ভিটামিন চিৰ সৰ্বোত্তম উৎস বুলি গণ্য কৰা হয় । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে ভিটামিন চি খুবেই প্ৰয়োজনীয় বুলি গণ্য কৰা হয় । শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক বহুতো ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ।
মৌচুমীয়ে বিশেষকৈ গ্ৰীষ্মকালত অতি উপকাৰী, কাৰণ ইয়াত প্ৰাকৃতিক তৰল পদাৰ্থ, ভিটামিন, খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যদি আমি মৌচুমীৰ পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ যাও তেন্তে ইয়াত ভিটামিন এ, চি, কেলচিয়াম, কাৰ্বহাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, ফলেট আদি থাকে । পুষ্টিবিদে প্ৰতিদিনে মৌচুমী খাব লাগে এই সন্দৰ্ভত কি ক’লে জানো আহক-
মৌচুমী খোৱাৰ ৫টা উপকাৰিতা
১/ পুষ্টিকৰ উপাদানৰ ভৰাঁল
ভাল পৰিমাণৰ ভিটামিন চি, ভিটামিন এ, আৰু ফাইবাৰ মৌচুমীত পোৱা যায়, যিবোৰ আপোনাৰ শৰীৰৰ বাবে উপকাৰী আৰু ইয়াৰ সেৱনৰ ফলত শৰীৰত বহুতো পুষ্টিকৰ উপাদানৰ অভাৱ নহয় ৷
২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব
মৌচুমীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু চৰ্দি, কাহ, ফ্লু আৰু অন্যান্য ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷