বাস্তু শাস্ত্ৰতো প্ৰকৃতিক যথেষ্ট গুৰুত্ব দিয়া হৈছে ৷ এই শাস্ত্ৰত কিছুমান গছ-গছনি আৰু উদ্ভিদক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয় ৷ ইয়াৰ ভিতৰত আঁহত গছ, আম গছ, বট গছ অন্যতম ৷ এই শাস্ত্ৰত আম গছৰ পৰা বহু সমস্যাৰ প্ৰতিকাৰ লাভৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ আমৰ পাত বন্ধাক মাভিলাই থোৰানাম বুলিও জনা যায়, ই ভাল বীজাণুনাশক আৰু বতাহ বিশুদ্ধ কৰে যিয়ে উৎসৱ আৰু ভাল অনুষ্ঠানৰ বাবে মানুহৰ সমাগম হ’লে সহায় কৰে । শুভ কামসমূহত আম গছৰ পাতৰ পৰা কাঠলৈকে ব্যৱহাৰ হয় ৷ আপোনাৰ সমস্যা দূৰ কৰিবলৈ আম কিদৰে ব্যৱহাৰ কৰা হয়, আজি জানো আহক-
মূল দুৱাৰত আঁৰি ৰাখিব
বিশ্বাস অনুসৰি, আম গছ মঙ্গল গ্ৰহৰ কাৰক ৷ সেয়েহে, যিকোনো কাম কৰাৰ আগতে আমৰ পাত ব্যৱহাৰ কৰা হয় ৷ ঘৰৰ মূল দুৱাৰত আম পাত আঁৰি ৰাখিলে ঘৰখনৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰা হয় আৰু সুখ-সমৃদ্ধি বৰ্তি থাকে ৷
ধনৰ অভাৱ দূৰ
পূজাৰ সময়ত আমৰ পাতৰে ঘৰত পানী ছটিয়াব ৷ ই ঘৰৰ সদস্যৰ ধনৰ অভাৱ দূৰ কৰাৰ লগতে ধন লাভৰ সম্ভাৱনা বৃদ্ধি কৰে ৷
কেৰিয়াৰত সফলতা