অসম

assam

ETV Bharat / sukhibhava

Breastfeeding: জন্মৰ পৰা ১ বছৰলৈ শিশুৰ যতন কেনেদৰে ল’ব জানি লওক

জন্মৰ পৰা ১ বছৰলৈ শিশুৰ এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ । এই সময়চোৱাত শিশুৰ স্বাস্থ্যৰ যতন লোৱাটো অতি গুৰুত্বপূৰ্ণ । শিশুৰ জন্মৰ পৰা ১ বছৰলৈ কেনেদৰে যতন ল’ব লাগে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইন ৷

By

Published : Aug 6, 2023, 5:24 PM IST

Why is Breastfeeding Important for your Baby?
শিশুৰ জন্মৰ পৰা ১ বছৰলৈ কেনেদৰে যতন ল’ব লাগে জানি লওক

শিশুৰ জন্মৰ পৰা ১ বছৰলৈ কেনেদৰে যতন ল’ব লাগে জানি লওক

শিশু আৰু মাতৃৰ মাজৰ সম্পৰ্ক আন সকলো সম্পৰ্কতকৈ পৃথক । সন্তান জন্ম হোৱাৰ পিচত কিছুদিনলৈ তেওঁলোকক কেৱল মাতৃৰ গাখীৰ খুৱাব লাগে । মাতৃৰ গাখীৰ সন্তানৰ বাবে বৰদানতকৈও কম নহয়। আজি আমি আপোনালোকক ক’ম যে শিশুৰ বাবে মাতৃৰ গাখীৰ কিয় প্ৰয়োজনীয় আৰু যদি স্তনপান কৰা নহয় তেন্তে ই শিশুৰ বৃদ্ধিত কিমান প্ৰভাৱ পেলায় । ইয়াৰ বিষয়ে জানো আহক।

মাকৰ গাখীৰ শিশুৰ বাবে কিমান উপকাৰী

১) জন্মৰ পৰা ১ বছৰলৈ শিশুক মাকৰ গাখীৰ খুৱাব লাগে । মাকৰ গাখীৰত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ উপাদান থাকে। মাকৰ গাখীৰত শিশুৰ বাবে উপযোগী প্ৰটিন, কাৰ্বহাইড্ৰেট, মিনাৰেলৰ লগতে বেমাৰ প্ৰতিৰোধ বাবে বিভিন্ন ধৰণৰ উপাদান থাকে ।

২) মাকৰ গাখীৰত থকা উপাদানে শিশুক বিভিন্ন ধৰণৰ বেমাৰ যেনে- ডায়েৰীয়া, নিমুনীয়া আদি বেমাৰ পৰা বচাব পাৰে ।

৩) ১ বছৰলৈ শিশুক মাকৰ গাখীৰ খুৱালে শিশু বুদ্ধিমত্তা হোৱাৰ লগতেই বেমাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।

শিশুক কি খাদ্য খুৱাব লাগে ?

১) জন্মৰ পৰা ৬ মাহলৈ শিশুক কেৱল মাকৰ গাখীৰ খুৱাব লাগে ।

২) ৬ মাহৰ পিচত মাকৰ গাখীৰৰ লগতেই অন্যান্য খাদ্য পাতল খাদ্য খুৱাব লাগে ।

শিশুৰ টীকাকৰণ কিমান গুৰুত্বপূৰ্ণ ?

সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ শিশুৰ টীকাকৰণ অতি প্ৰয়োজনীয় । বিভিন্ন বেমাৰৰ পৰা যুজঁ দিবলৈ টীকাকৰণে সহায় কৰে । সেয়েহে,, শিশুক সময়মতে প্ৰতিটো টীকা দিয়াটো অতি প্ৰয়োজনীয়। টীকাকৰণে শিশুটিক হেপাটাইটিজ-বি, পলিঅ’, আদিকে ধৰি বিভিন্ন বেমাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। জন্মৰ ডেৰমাহৰ পৰা টীকাসমূহ সময়মতে ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়ত দিয়াব লাগে।

শিশুৰ স্বাস্থ্যৰ যতন কেনেদৰে ল’ব লাগে ?

১) জন্মৰ পৰা ১ বছৰলৈ শিশুৰ স্বাস্থ্যৰ যতন অতি প্ৰয়োজনীয় । শিশুক সু-স্বাস্থ্যৱান কৰি ৰাখবলৈ হ’লে সময়ে সময়ে শিশুৰ ওজন জুখি থাকিব লাগে । যদিহে শিশুৰ ওজন কমে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

২) শিশুক সদায় চাফ- চিকুণকৈ ৰাখিব লাগে । শিশুক চাফ-চিকুণকৈ নাৰাখিলে বিভিন্ন ধৰণৰ বেমাৰ হ’ব পাৰে। এই সময়ছোৱাত শিশু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে । সেয়েহে শিশুক বিভিন্ন ধৰণৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে । এই সমূহৰ পৰা ৰক্ষা কৰিবলৈ শিশুক চাফ-চিকুণকৈ ৰখাটো অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক:Robotic Surgery: ৰবটিক অস্ত্ৰোপচাৰ সন্দৰ্ভত জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details