অসম

assam

ETV Bharat / sukhibhava

World Arthritis Day 2023: কিয় বৃদ্ধি পাইছে অষ্টিঅ’আৰ্থৰাইটিছৰ আশংকা; ইয়াক কেনেকৈ কৰিব প্ৰতিৰোধ ?

বৃদ্ধসকলৰ বাতবিষৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ কাৰণসমূহ জনাটো অতি গুৰুত্বপূৰ্ণ । ইয়াৰ আঁৰত আছে বহু কাৰণ ৷ যেনে নিয়ন্ত্ৰণহীন জীৱনশৈলী, মেদবহুলতা, জেনেটিক্স, গাঁঠিৰ আঘাত, লিংগ বৈষম্য ইত্যাদি । এনেধৰণৰ আন আন কাৰণৰ লগতে বৃদ্ধ বয়সতো এই ভয়াৱহ সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে জানো আহক-

World Arthritis Day 2023
মানুহৰ মাজত কিয় বৃদ্ধি পাইছে অষ্টিঅ’আৰ্থাইটিছৰ আশংকা; ইয়াক কেনেকৈ কৰিব প্ৰতিৰোধ ?

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:06 PM IST

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰ ক্ষেত্ৰতেই অষ্টিঅ’আৰ্থৰাইটিছৰ সমস্যা হোৱা দেখা যায় ৷ যাক সাধাৰণ বুলি গণ্য কৰাটো একেবাৰেই উচিত নহয় ৷ Rheumatoid Arthritis হৈছে এক প্ৰকাৰৰ অটো-ইম্যুন অৱস্থা ৷ যাৰ বাবে হাড়ত থকা কলাবোৰৰ নমনীয়তা কমিবলৈ আৰম্ভ কৰে আৰু হাড়ৰ গাঁঠিত উপস্থিত কাৰ্টিলেজ কমিবলৈ আৰম্ভ কৰে (কাৰ্টিলেজে আমাৰ গাঁঠিবোৰক শক্তিশালী আৰু নমনীয় কৰি তোলাত সহায় কৰে) ৷

গাঁঠিৰ উপৰিও গাঁঠিৰ আশে-পাশে থকা কলাবোৰতো ইয়াৰ প্ৰভাৱ পৰে ৷ এই অৱস্থা প্ৰধানকৈ আঁঠু, নিতম্ব, মেৰুদণ্ড আৰু হাতত দেখা যায় ৷ সাধাৰণতে ৪০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ লোকক অষ্টিঅ’আৰ্থৰাইটিছ ৰোগত আক্ৰান্ত হয় যদিও কম বয়সীয়া লোক বিশেষকৈ খেলুৱৈসকলৰো এই ৰোগ হ’ব পাৰে ৷ এইখিনিতে জনাটো জৰুৰী যে অষ্টিঅ’আৰ্থৰাইটিছত আক্ৰান্ত লোকৰ ভিতৰত প্ৰায় ৬০% মহিলা ৷

প্ৰতি বছৰে ১২ অক্টোবৰত বিশ্ব বাতবিষ দিৱস পালন কৰা হয় ৷ যাৰ উদ্দেশ্য হৈছে বাতবিষৰ বৰ্ধিত আশংকা আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে মানুহক সচেতন কৰা ৷ আজিৰ প্ৰতিবেদনত আমি বৃদ্ধসকলৰ বাতবিষ বৃদ্ধি হোৱাৰ কাৰণবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ৷

  • মেদবহুলতা

বৃদ্ধসকলৰ বাতবিষৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত মেদবহুলতাই এটা প্ৰধান কাৰণ ৷ মানুহৰ ওজন বেছি হ’লে গাঁঠি, বিশেষকৈ আঁঠু, নিতম্ব আৰু মেৰুদণ্ডত অতিৰিক্ত চাপ পৰে ৷ এই অতিৰিক্ত চাপৰ ফলত অষ্টিঅ’আৰ্থৰাইটিছ হ’ব পাৰে আৰু বৰ্তমানৰ গাঁঠিৰ সমস্যাবোৰ আৰু বেছি বেয়া হ’ব পাৰে ৷

  • পুৰণি আঘাত

খেলৰ সময়ত হোৱা পুৰণি দুৰ্ঘটনা বা আঘাতেও হাড়ৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় ৷ যাৰ বাবে বয়স বৃদ্ধিৰ লগে লগে বাতবিষৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই আঘাতবোৰ সেই সময়ত ঔষধ আৰু অন্যান্য চিকিৎসা পদ্ধতিৰে আৰোগ্য কৰিব পাৰিলেও ইয়াৰ প্ৰভাৱ বহুদিনলৈকে থাকিব পাৰে ৷

  • পূৰ্বৰ যিকোনো ৰোগ

বয়স বৃদ্ধিৰ লগে লগে ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা আৰু অটোইম্যুন ৰোগ সাধাৰণতে দেখা যায় যিয়ে স্বাস্থ্যৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ পেলায়, ইয়াৰে এটা হ’ল বাতবিষ ৷ এই ৰোগবোৰে বাতবিষৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, ইয়াক পৰিচালনাৰ ক্ষেত্ৰতো বহু সমস্যাৰ সৃষ্টি কৰে ৷

  • লিংগ

কিছুমান বিশেষ ধৰণৰ বাতবিষ যেনে বাতবিষ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি দেখা যায় ৷ হৰম’নৰ পৰিৱৰ্তন বিশেষকৈ ৰজোনিবৃত্তিক ইয়াৰ এটা প্ৰধান কাৰণ বুলি গণ্য কৰা হয় ৷ ৰজোনিবৃত্তিৰ বাবে ইষ্ট্ৰজেন হৰম’ন কমি যায় ৷ এই হৰম’নৰ অভাৱত গাঁঠিবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷

  • বেয়া জীৱনশৈলী

অৱশ্যে বাৰ্ধক্যৰ লগে লগে শৰীৰৰ কাৰ্য্যক্ষমতা কমি যায়, কিন্তু একেবাৰে কোনো কাম নকৰাৰ ফলতো বাতবিষ হ’ব পাৰে ৷ ব্যায়ামৰ অভাৱত পেশীবোৰ দুৰ্বল হৈ পৰে আৰু গাঁঠিবোৰ কম নমনীয় হৈ পৰে, যাৰ ফলত বাতবিষ বা তাতোকৈ বেয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও নিষ্ক্ৰিয় জীৱনশৈলীয়ে মেদবহুলতাও বৃদ্ধি কৰিব পাৰে, যিয়ে বাতবিষ বৃদ্ধিত সহায় কৰে ৷

লগতে পঢ়ক:Cardamom Benefits: এই ৪টা কাৰণতেই আমি দৈনিক সৰু ইলাচি চোবাই খাব লাগে

ABOUT THE AUTHOR

...view details