গ্ৰীষ্মকালৰ অন্তত লাহে লাহে আগমন ঘটিছে শীতকালৰ ৷ বতৰ সলনি হোৱাৰ লগে লগে আমাৰ শৰীৰতো বহুত পৰিৱৰ্তন দেখা যায় ৷ আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে শীতকালৰ আগমনৰ লগে লগে শৰীৰত এলাহ বাঢ়ি যায় ? পুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায়, অধিক টোপনি অনুভৱ হয় । আমি সকলোৱে জানো যে বতৰৰ পৰিৱৰ্তনৰ বাবে এনেকুৱা হয়, কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কোনেও গম নাপায় । গতিকে শীতকালত অত্যধিক টোপনিৰ আঁৰৰ কাৰণ জানি লওক এই প্ৰতিবেদনত ।
ঋতুভিত্তিক পৰিৱৰ্তন
শীতকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা কমি আহিছে ৷ সূৰ্য সোনকালে অস্ত যোৱাৰ লগে লগে দিনবোৰ চুটি হৈ আহিছে । এনে পৰিস্থিতিত সূৰ্যৰ পোহৰ কম হোৱাৰ বাবে শৰীৰত ভিটামিন ডিৰ অভাৱ ঘটিব পাৰে । ভিটামিন ডিৰ অভাৱৰ বাবে আমি অত্যধিক টোপনি আৰু ভাগৰুৱা অনুভৱ কৰো । ইয়াৰ লগতে ঠাণ্ডাই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ভোক বৃদ্ধি আৰু অত্যধিক টোপনিৰ দৰে সমস্যাও হ’ব পাৰে ।
শাৰীৰিক কাৰ্যকলাপ
শীতকাল আৰম্ভ হোৱাৰ লগে লগে মানুহে ব্যায়াম বন্ধ কৰি এটা ঠাইত বহি থকাটো পছন্দ কৰে । এনে পৰিস্থিতিত শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱাৰ বাবে এলাহ আৰু অত্যধিক টোপনিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
খাদ্যাভ্যাসৰ পৰিৱৰ্তন
শীতকালত আমি গাখীৰ, দৈ আৰু পনিৰৰ দৰে বস্তু বেছিকৈ খাওঁ । কোৱা হয় যে, অধিক দুগ্ধজাত সামগ্ৰী সেৱন কৰিলেও অধিক টোপনি হয় ।