ক’ভিড-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে ভাৰতবৰ্ষত বহু লোকে যাতে তেওঁলোকে প্ৰাক-ক’ভিড কালৰ দৰে সাধাৰণ সময়খিনিলৈ অনতি পলমে ঘূৰি গৈ পুনৰ সাধাৰণ জীৱন-যাপন কৰিব পাৰে, সেই আশাৰে প্ৰথম পালি প্ৰতিষেধক লাভ কৰাৰ ঠিক পাচতেই নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ মূৰত দ্বিতীয় পালি ল’বলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ কিন্তু আমি যে প্ৰতিষেধকৰ বিষয়ে ইমান বিশদভাৱে আলোচনা কৰি আছো, কোনোৱে এই কথা কেতিয়াবা ভাবি চাইছোনে যে কিয় দুপালি প্ৰতিষেধকৰ মাজত এক নিৰ্দিষ্ট সময়ৰ ব্যৱধান থকাতো প্ৰয়োজন? এই উৎসুকতাৰ মৰিষণৰ বাবেই ইটিভি ভাৰত সুখীভৱই হায়দৰাবাদৰ ভিইএনএন হাস্পতালৰ পৰামৰ্শদাতা চিকিৎসক তথা এমডি (জেনেৰেল মেডিচিন) ডাঃ ৰাজেশ ভুক্কালাৰ সৈতে আলোচনাত মিলিত হয় ৷ তেওঁৰ সৈতে হোৱা কথোপোকথনৰ এক আভাস-
দুপালি প্ৰতিষেধকৰ মাজত এক নিৰ্দিষ্ট ব্যৱধানৰ প্ৰয়োজন কিয় ?
ডাঃ ভুক্কালাই কয় যে, যেতিয়াই কোনো লোকে প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰে তেওঁৰ শৰীৰ সংবেদনশীল হৈ যায় আৰু দ্বিতীয় পালি গ্ৰহণ কৰাৰ পাচত উল্লেখযোগ্যভাৱে এণ্টিব’ডিৰ পৰিবৰ্ধন হ’বলৈ ধৰে ৷ তেনেকৈয়ে ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি হয় ৷ সেইবাবে এগৰাকী সাধাৰণ ব্যক্তিৰ ভাষাত ক’বলৈ হ’লে, আচলতে প্ৰথম পালিয়ে আমাৰ শৰীৰক সংবেদনশীল কৰি তোলে আৰু দ্বিতীয় পালিয়ে ভাইৰাছৰ সৈতে যুঁজিবলৈ আমাক অতিৰিক্ত এণ্টিব’ডিৰ যোগান ধৰে ৷
এই কথাখিনি বিশদভাৱে বুজাবলৈ ডাঃ ভুক্কালাই বৰ্ণনা কৰি কয় যে, প্ৰতিষেধকৰ জৰিয়তে আমি তেজত ভাইৰেল পাৰ্টিক্ল সোমোৱাই দিওঁ ৷ পাৰ্টিক্লটো শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে এণ্টিব’ডি প্ৰস্তুত কৰিবলগীয়া কোষবোৰক উত্তেজিত কৰি তোলে ৷ কোষবোৰে তৎক্ষণাতেই লক্ষাধিক এণ্টিব’ডিৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াৰ বাবে কোষবোৰক ডিএনএ/আৰএনএৰ ক’ড মনত ৰাখিবলগীয়া হয় আৰু এবাৰ এই কাম সম্পন্ন হোৱাৰ পাচত কোষবোৰে ইয়াৰ প্ৰতিৰূপৰ সৃষ্টি কৰে ৷ এবাৰ কোষবোৰে ইয়াৰ প্ৰতিৰূপ সৃষ্টি কৰিবলৈ সক্ষম হোৱাৰ পাচত ইহঁতে এণ্টিব’ডিবোৰ প্ৰস্তুত কৰিবলৈ পৰ্যাপ্ত সংকেত প্ৰেৰণ কৰে ৷ ইয়াকেই ‘ছেনছিটাইজেশ্বন’ বুলি কোৱা হয় ৷ ইয়াৰ পাচত এপালি বুষ্টাৰ ড’জ (প্ৰতিষেধকৰ দ্বিতীয়টো পালি) প্ৰদান কৰা হয় ৷ ই এণ্টিব’ডিৰ সৃষ্টিৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তোলে যাতে আমাৰ শৰীৰক ভাইৰাছৰ পৰা সুৰক্ষা প্ৰদান কৰি তুলিবৰ পৰাকৈ যথেষ্ট পৰিমাণে এণ্টিব’ডিৰ সৃষ্টি হয় ৷
ভাৰতত প্ৰতিষেধকৰ পালিৰ মাজৰ ব্যৱধান-
ভাৰতত সম্প্ৰতি দুবিধ প্ৰতিষেধক ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু আস্ট্ৰাজানিকাৰ ক’ভিশ্বিলড ৷ ক’ভেক্সিনৰ দুটা পালিৰ মাজৰ ব্যৱধান হৈছে 28 দিন ৷ আনহাতে অলপতে ক’ভিশ্বিলডৰ ব্যৱধান বৃদ্ধি কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিবে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ক’ভিশ্বিলডৰ দুটা পালিৰ মাজত 4ৰ পৰা 8 সপ্তাহ ব্যৱধান ৰাখিবলৈ কৈছে ৷
এই প্ৰসংগত বিশেষজ্ঞজনে কয় যে, এয়া সম্ভৱতঃ গৱেষণাত পোৱা গৈছে যে হয়তো 4 সপ্তাহৰ সময়সীমা ‘ছেঞ্চিটাইজেশ্বন’ৰ বাবে পৰ্যাপ্ত নহয় ৷ সেয়ে ক’ভিশ্বিলডৰ দুটা পালিৰ মাজৰ ব্যৱধান 28 দিনৰ পৰা 4,8 সপ্তাহলৈ বৃদ্ধি কৰিলে ৷ ই অধিক উৎকৃষ্ট এণ্টিব’ডিৰ সৃষ্টি কৰিব আৰু অধিক সুৰক্ষা প্ৰদান কৰিব ৷