সাধাৰণতে এই ৰোগত আক্রান্ত ৰোগীয়ে যেতিয়া বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া তেওঁলোকে ভাত খাব নে ৰুটি ? দিনটোত তিনিসাঁজ ভাত খাব পাৰে নে নোৱাৰে আদি প্ৰশ্ন প্ৰায়ে কৰা শুনা যায় ৷ আন একাংশই আকৌ এই ৰোগত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত ভাত খাবলৈ এৰি দিয়ে ৷ প্ৰায় ভাত ডায়েবেটিছত আক্রান্ত ৰোগীয়ে 'ভাত' শব্দটো শুনিলে আতংকিত হোৱাৰ কোনো কাৰণ নাই ৷ কেৱল এনে ৰোগীয়ে সতৰ্কতা অৱলম্বন কৰিব লাগিব ৷ কেৱল ভাত বুলিয়ে নহয়, আন আহাৰ খোৱাৰ ক্ষেত্ৰতো সদায় সতৰ্কতা অৱলম্বন নকৰিলে বিপদ ঘনীভূত হ'ব পাৰে ৷
ডায়েবেটিছত আক্রান্ত ৰোগীয়ে দিনটোৰ ভিতৰত নিৰ্দিষ্ট পৰিমাণৰ কেলৰিযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ কিছুমান খাদ্যৰ পৰিমাণ বেছি হ’লেও শৰ্কৰা কম থাকিব পাৰে ৷ আনহাতে কিছুমান এনে খাদ্য আছে যিবোৰ অলপ খালেই শৰীৰে দিনটোৰ বাবে প্ৰয়োজনীয় কেলৰি লাভ কৰে ৷
প্ৰায়ভাগ ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ আহিলে যিবোৰ প্ৰশ্ন কৰে সেইবোৰৰ ভিতৰত এটা প্ৰশ্ন অন্যতম যে তেওঁলোকে ভাত খাব নে ৰুটি ? কিছুমান ৰোগীয়ে পুৱা আৰু নিশা ভাত নাখায় ৷ দুয়ো সাজতেই ৰুটি খায় ৷ কিন্তু ৰুটি কেইখন খাব পাৰে ? বগা আটা বা ময়ডাৰে প্ৰস্তুত কৰা ৰুটি বা লুচী আদিত বেছি পৰিমাণৰ কাৰ্ব'হাইড্ৰেট থাকে ৷