হাড় স্বাস্থ্যৱান ৰাখিবলৈ দৈনন্দিন খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন ডি যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ কেলচিয়াম আৰু ভিটামিন ডি-য়ে হাড়ৰ বিকাশত সহায় কৰাৰ লগতে ইয়াক শক্তিশালী কৰি ৰাখে ৷ কিন্তু আমি খোৱা কেতবোৰ খাদ্য হাড়ৰ পক্ষে একেবাৰে ক্ষতিকাৰক ৷ হাড় শক্তিশালী কৰি ৰাখিবলৈ আমি কোনবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, আজি জানো আহক-
ঠাণ্ডা পানীয়
কল ডিংকছ বা ঠাণ্ডা পানীয়ত ফছফৰিক এচিড থাকে, যিয়ে হাড়ৰ পৰা কেলচিয়াম আঁতৰ কৰি হাড়বোৰ দুৰ্বল কৰে ৷ সেয়েহে হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ ঠাণ্ডা পানীয় খোৱাৰ পৰা নিজকে দূৰত ৰাখিব লাগে ৷
উচ্চ ফ্ৰুক্টোজ কন চিৰাপ
এইটো চেনী চিৰাপৰ দৰে এক মিঠা তৰল, যি কৰ্ণ ষ্টাৰ্চ ভাঙি তাত অন্যান্য এনজাইম যোগ দি প্ৰস্তুত কৰা হয় ৷ এই চিৰাপেও খুব কম সময়ৰ ভিতৰতে আমাৰ হাড় দুৰ্বল কৰিব পাৰে ৷
কেফেইন
স্বাভাৱিক পৰিমাণত কেফেইন খালে ই শৰীৰৰ বেছি ক্ষতি নকৰে ৷ কিন্তু কফি, এনাৰ্জী ডিংক আৰু কেফেইনযুক্ত খাদ্যবোৰ বেছিকৈ খালে ই শৰীৰত কেলচিয়াম শোষণ প্ৰক্ৰিয়াত বাধা দিয়ে, যিয়ে হাড়ৰ ঘনত্ব হ্ৰাস কৰে ৷