সাধাৰণতে দিনটোৰ আৰম্ভণিৰ ওপৰত সকলোৱে মনোযোগ দিয়ে, কিন্তু ইয়াক কেনেকৈ শেষ কৰিব লাগে সেই বিষয়ে অতি কম সংখ্যক লোকেহে জ্ঞাত । শোৱাৰ পূৰ্বে আপুনিও গা ধোৱাৰ ৰুটিন মানি চলে নেকি ? ই আমাৰ বাবে নিৰাপদ হয়নে নহয় । ইয়াৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে জানো আহক...
- শোৱাৰ আগতে গা ধোৱাটো ছালৰ বাবে অতি উপকাৰী( take a shower before sleeping or not)। ই শৰীৰৰ পৰা সকলো বীজাণু আৰু বেক্টেৰিয়া ধুই পেলোৱাত সহায় কৰে । এইদৰে ই শৰীৰৰ পৰা বেক্টেৰিয়াৰ সংক্ৰমণৰ সমস্যা আৰু ছালৰ সমস্যা হ্ৰাস কৰে(take a shower before sleeping) ।
- শোৱাৰ আগতে গা ধোৱাটো অন্যতম উত্তম অভ্যাস(Taking a shower before going to bed) । ই আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ৰাতি গা ধুলে শৰীৰত তেজ সঠিকভাৱে চলাচল কৰাত সহায় কৰে । যিহেতু গৰমৰ বাবে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়, গতিকে ইয়াক সঠিক নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতি গা ধুই লোৱাটো অত্যন্ত জৰুৰী ।
- আপুনি জানেনে যে, শোৱাৰ পূৰ্বে গা ধুলে ভাগৰ বহু পৰিমাণে নাইকিয়া হয় । ইয়াৰ বাবে আমাৰ টোপনিও ভাল হয় । ভাল টোপনিয়ে শৰীৰটোৰ সতেজতা অটুট থাকে । বিশেষজ্ঞসকলে কয় যে, ৰাতি শোৱাৰ পূৰ্বে গা ধুলে ৰক্ত সঞ্চালন উন্নত হয় । শৰীৰত শিথিলতা অনুভৱ হয় আৰু Blood circulationয়ো উন্নত হোৱাত সহায় হয় ।
- বিশ্বাস কৰা হয় যে, গা ধুলে ব্যক্তিয়ে কেৱল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও সতেজ অনুভৱ কৰে । কেৱল এয়াই নহয়, ছাল আৰু চুলিও স্বাস্থ্যকৰ হৈ পৰে কাৰণ ইয়াৰ ওপৰত থকা মলি দিনটোৰ ভিতৰতে সহজে আঁতৰি যায় ।
- ৰাতি গা ধুলেই নিমিষতে আমাৰ মন আৰু শৰীৰক সতেজ কৰি তোলে । ই আমাৰ মেজাজ সতেজ কৰি মন আৰু শৰীৰ উভয়ৰে পৰা মানসিক চাপ দূৰ কৰাত সহায় কৰে । এইদৰে শেষত ই আমাক ভালদৰে টোপনি অহাত সহায় কৰে ।
- যদিও গৰম বা ঠাণ্ডা পানীৰে গা ধোৱাটো নিজৰ ওপৰত নিৰ্ভৰশীল, কিন্তু সামান্য গৰম পানীৰে গা ধুলে তেতিয়া অধিক উপকাৰ সাধন হয় । ইয়াৰ ফলত পেশীবোৰে সকাহ পায়, ছিদ্ৰবোৰ মুকলি হয় আৰু লগতে টোপনিও ভাল হয় ।