দাঁতৰ শিৰশিৰনি কিয় হয় ?
গৰম বা ঠাণ্ডা বস্তু খালে বহুলোকৰ দাঁতত শিৰশিৰনিৰ অনুভৱ হয় । চিকিৎসকৰ মতে, দুটা কাৰণত এই শিৰশিৰনি হ’ব পাৰে । দাঁত আৰু আলুৰ মাজত থকা অংশত যদি খোৱা বস্তু সোমাই তেতিয়া এই সমস্যা হ'ব পাৰে । কাৰণ খোৱা বস্তুৰ অংশ দাঁতৰ মাজত বেছি সময় সোমাই থাকিলে সেয়া পাথৰলৈ ৰূপান্তৰিত হয় । দাঁতৰ মাজত পাথৰ হ’লে দাঁতৰ আলু ফুলি যায় । যাৰ ফলত গৰম বা ঠাণ্ডা খাদ্য খালে দাঁতত শিৰশিৰনিৰ অনুভৱ হয় । আনহাতে টুথপেষ্ট বা টুথব্ৰাছৰ কাৰণেও এই সমস্যাৰ সৃষ্টি হ'ব পাৰে ।
দাঁতৰ শিৰশিৰনিৰ পৰা ৰক্ষা পোৱাৰ উপায় কি ?
সদায় মধ্যয়মীয়া আৰু পাতল ধৰণৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে । বজাৰত উপলব্ধ সকলো ধৰণৰ টুথব্ৰাছ দাঁতৰ বাবে উপযোগী নহয় । আনহাতে সদায় দাঁত ওপৰৰ পৰা তললৈ ঘূৰণীয়া ভাৱে মাজিব লাগে । লগতে ভাল ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে । সদায় খোৱাৰ পিছত দাঁত চাফা কৰিব লাগে ।
দাঁত ভালে ৰাখিবলৈ কি কি কৰিব লাগে ?
১) দাঁত ভালে ৰাখিবলৈ হলে সদায় ব্ৰাছ কৰাটো প্ৰয়োজনীয় । দিনত পাৰিলে দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে ।