অসম

assam

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 12:43 PM IST

ETV Bharat / sukhibhava

Potato: এমাহ আলু নাখালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব জানো আহক

বহুতে আলু নোহোৱাকৈ এদিনো কটাব নোৱাৰে, সকলো ধৰণৰ ৰেচিপিত তথা প্ৰতিটো আহাৰত আলুৰ নিশ্চয় প্ৰয়োজন হয়, কিন্তু আলু অবিহনে এমাহ কটাব পাৰিনে ?

What will happen if you do not eat potatoes for a month? Know how it will affect your health
এমাহ আলু নাখালে কি হ’ব ? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব

আলুক পাচলিৰ ৰজা বুলি কোৱা হয়, কাৰণ ইয়াক প্ৰায় সকলো ধৰণৰ শাক-পাচলিৰ লগত মিহলাই খাব পাৰি, ই আমাৰ দৈনন্দিন খাদ্যৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ আলুত বহু ধৰণৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে স্বাস্থ্যৰ বাবে অগণন উপকাৰ প্ৰদান কৰে ৷ আলু বহু সুস্বাদু ধৰণে ৰন্ধা হয় যাৰ বাবে আমি ইয়াৰ মোহ এৰিব নোৱাৰোঁ ৷ কিন্তু এজন ব্যক্তিয়ে এমাহ আলু নাখায় তেন্তে তেওঁৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব জানো আহক-

এমাহ আলু নোখোৱাৰ প্ৰভাৱ

১) গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান লাভ কৰাৰ পৰা বঞ্চিত হ’ব

আলুক কাৰ্বহাইড্ৰেট, পটাছিয়াম, ভিটামিন চি, ভিটামিন B6, আঁহ, আৰু বহুতো খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয় ৷ যদি আপুনি এমাহ ধৰি আলু নাখায় তেন্তে এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হ’ব পাৰে ৷ যদিহে আপুনি এই পুষ্টিকৰ উপাদানসমূহ লাভ কৰিবলৈ অন্য খাদ্য বিকল্প বাচনি কৰি লৈছে তেন্তে কেতিয়াও আপোনাৰ শৰীৰত ওপৰত উল্লেখিত পুষ্টিকৰ উপাদানসমূহৰ অভাৱ নহয় ৷

২) ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ

আলুত ভাল পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ এমাহলৈকে ইয়াক নাখালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু আপুনি চৰ্দি, কাহ, জ্বৰৰ দৰে ভাইৰাছজনিত ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ কিন্তু যদি আপুনি ভিটামিন চিৰ আন উৎস যেনে কমলা আৰু নেমু সেৱন কৰে তেন্তে এই ক্ষেত্ৰত কোনো সমস্যা নহয় ৷

৩) হজম শক্তিৰ ওপৰত প্ৰভাৱ

আলুত ভাল পৰিমাণৰ আঁহ থাকে, যিটো পাচনতন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয় ৷ যদি আপুনি ইয়াক নাখায় তেন্তে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ আঁহযুক্ত আন আন বস্তু খাব পাৰে ৷

৪) ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকিব

আলুত প্ৰচুৰ পৰিমাণে ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, যিবোৰ ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণে খাব লাগে ৷ সাধাৰণতে আমি আলু এনেদৰে ৰান্ধো যে গ্লুক’জৰ মাত্ৰা হঠাতে বাঢ়ি যায় ৷ এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে এমাহৰ বাবে আলু পৰিহাৰ কৰি লাভৱান হ’ব পাৰে ৷

লগতে পঢ়ক:World Pharmacist Day 2023: ৰোগ নিৰাময় হ'লে প্ৰশংসা কৰা হয় চিকিৎসকক! কিন্তু ঔষধৰ জগতত ফাৰ্মাচিষ্টহে প্ৰকৃত নায়ক

ABOUT THE AUTHOR

...view details