আপোনাৰ সৈতেও হয়তো এনে বহুবাৰ হৈছে যে জোখ-মাখ কৰাৰ পিছতো ভাত বেছিকৈ সিজোৱা হৈছে ৷ যিহেতু খাদ্য অপচয় কৰা বা পেলাই দিয়াটো কোনো বিকল্প নহয়, সেয়েহে বহু লোকে বিভিন্ন পদ্ধতিৰ চেষ্টা কৰি বাকী থকা চাউলক এটা সোৱাদযুক্ত টুইষ্ট দিয়ে ৷ কোনো কোনোৱে খীৰ, পায়সৰ দৰে মিঠা খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে, আন কোনোৱে পিছদিনা ব্ৰেকফাষ্ট বা দুপৰীয়াৰ আহাৰত গ্ৰহণ কৰে ৷ বহু ভাৰতীয়ৰ ঘৰত চাউল প্ৰধান আহাৰ ৷ ইয়াক সাধাৰণ দালি চাউলৰ পৰা আৰম্ভ কৰি ভাত ভাজি, চিলা, ইডলি আৰু বহুধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয় ৷
যদি আপুনিও বাকী থকা ভাত পেলাই দিয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে আমাৰ হাতত দুটা সুস্বাদু বাকী থকা চাউলৰ ৰেচিপি আছে ৷
পুৱাৰ ভাগত বহুতৰে বাবে সময় অতি কম থাকে, বহুতে খোৱাৰ বাবেও অতি খৰধৰ কৰা দেখা যায় ৷ সেইবাবেই আমি সকলোৱে এনে ব্যঞ্জন বিচাৰো যিবোৰ প্ৰস্তুত কৰাটো সহজ আৰু লগতে সোনকালে তৈয়াৰ কৰিব পৰা যায় ৷ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বাকী থকা ভাতৰ জৰিয়তে সহজে তৈয়াৰ কৰিব পৰা এক সুস্বাদু ব্যঞ্জনৰ ৰেচিপি ৷ ৰেচিপিটো তৈয়াৰ কৰাটো অতিকৈ সহজ ৷ ইয়াক তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় সকলো উপাদান আপোনাৰ পাকঘৰত সহজেই উপলব্ধ ৷ গতিকে জানো আহক বাকী থকা ভাতৰ এই বিশেষ ৰেচিপিটো নো কি ?
বাকী থকা ভাতৰ সৈতে কেনেকৈ সুস্বাদু ব্ৰেকফাষ্ট বনাব পাৰি:
- প্ৰথমে এটা বাটিত সিজোৱা ভাত লৈ ল’ব, এতিয়া তাত কটা বিলাহী, কটা গাজৰ আৰু কটা পিঁয়াজৰ লগতে ৰঙা জলকীয়া দিব ৷ ইয়াত আপোনাৰ পছন্দ অনুসৰি যিকোনো ধৰণৰ শাক-পাচলি দিব পাৰে ৷
- ইয়াৰ পিছত পিজ্জা চিজনিং, চিলি ফ্লেক, চাট মছলা আৰু নিমখ ৰুচি অনুসৰি দিব ৷
- এতিয়া তাৰ ওপৰত কিছু কটা পিঁয়াজ ছটিয়াই দিব ৷
- তাৰ পিছত ৪খন ব্ৰেডৰ টুকুৰা (ধাৰ নোহোৱাকৈ) লৈ পানীত ডুবাই ল’ব ৷ এতিয়া ব্ৰেডখিনি দুহাতেৰে পানীখিনি চেপি উলিয়াই মিশ্ৰণখিনিত মিহলাই লওক ৷
- এতিয়া সকলোখিনি ভালদৰে হাতেৰে মিহলাই লওক ৷
- এতিয়া গেছৰ ওপৰত পেন বা টেৱা এখন ৰাখক তাত কেইটোপালমান তেল দি তাৰ পিছত তেল গৰম হ’বলৈ দিব ৷
- তেল দিয়াৰ পিছত জুই বন্ধ কৰি, এতিয়া পেনখনত ৰুটিৰ মিশ্ৰণ ঢালি মেলি দি সিজিবলৈ দিব ৷
- দুয়োফালে সোণালী বৰণৰ হোৱালৈকে সিজাই লওক ৷ আপোনাৰ ৰাইচ পেন কেক ৰেডি হৈ গৈছে ৷
- চাটনিৰ সৈতে গৰমা গৰমে পৰিবেশন কৰক ৷
লগতে পঢ়ক:Jackfruit Seeds Benefits: স্বাস্থ্যৰ বাবে কঁঠালৰ গুটি কিমান উপকাৰী ?