বাস্তু শাস্ত্ৰত বিশ্বাস কৰা লোকসকলে সেই নিয়ম অনুসৰিহে তেওঁলোকৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰে ৷ এই শাস্ত্ৰত উল্লেখ কৰা নিৰ্দেশনা অনুসৰিয়েই শোৱনি কোঠা, পাকঘৰ, স্নানাগাৰ, পূজা কোঠা সকলো নিৰ্মাণ কৰা হয় ৷ ঘৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কোঠাটো হৈছে শোৱনি কোঠা ৷ কিয়নো সকলোয়ে তেওঁলোকৰ বেছিভাগ সময় এই কোঠাতে অতিবাহিত কৰে ৷ এই কোঠাত থকা সামগ্ৰীবোৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হৈ থকাৰ ক্ষেত্ৰত ইতিবাচক শক্তি প্ৰদান কৰে ৷ বাস্তু শাস্ত্ৰৰ মতে কিছুমান সামগ্ৰী শোৱনি কোঠাত ৰখাটো একেবাৰে অশুভ ৷ আজি এই বিষয়ে জানো আহক-
একুৱাৰিয়াম
বাস্তুৰ মতে, শোৱনি কোঠাত একুৱাৰিয়াম ৰখাটো শুভ বুলি গণ্য কৰা নহয় ৷ ই বিবাহিত জীৱনত চাপ বৃদ্ধি কৰে আৰু সঙ্গীৰ সৈতে কাজিয়াও বৃদ্ধি কৰে ৷
ঝাড়ু
শোৱনি কোঠাত ঝাড়ু ৰখাটোও ভাল বুলি গণ্য কৰা নহয় ৷ ঝাড়ু মা লক্ষ্মীৰ বাসস্থান ৷ শোৱনি কোঠাত ঝাড়ু ৰাখিলে অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি হোৱাৰ লগতে ঘৰটোত বাস কৰা সদস্যসকলৰ মাজৰ ভালপোৱা, মিলা-প্ৰীতি হ্ৰাস হয় ৷
তাজমহলৰ ছবি
তাজমহলৰ ছবিও শোৱনি কোঠাত ৰাখিব নালাগে ৷ ইয়াৰ ফলত বিবাহিত জীৱনত সমস্যা হ'ব পাৰে ৷