অসম

assam

ETV Bharat / sukhibhava

Child Care: শিশুৰ জন্মৰ ৬ মাহৰ পিছত কেনেধৰণৰ খাদ্য খুৱাব লাগে ? শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনৰ পৰা জানি লওক - প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট যুক্ত খাদ্য

শিশুৰ জন্মৰ পৰা এবছৰলৈ এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ সময়। শিশুক জন্ম পৰা ৬ মাহলৈ কেৱল মাকৰ গাখীৰ হে খুৱাব লাগে । ৬ মাহৰ পিছত অন্য খাদ্য খুৱাব পাৰি । শিশুৰ ৬ মাহৰ পিছত কেনেধৰণৰ খাদ্য খুৱাব লাগে ? এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে ।

child care
শিশুৰ জন্মৰ ৬ মাহৰ পিছত কেনেধৰণৰ খাদ্য খুৱাব লাগে ? শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনৰ পৰা জানি লওক

By

Published : Aug 11, 2023, 4:24 PM IST

Updated : Aug 11, 2023, 4:55 PM IST

শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইন

জন্মৰ পৰা ৬ মাহলৈ শিশুক কেৱল মাকৰ গাখীৰ খুৱাব লাগে । এই সময়ছোৱাত শিশুক মাকৰ গাখীৰ বাদে অন্য খাদ্য খুৱাব নালাগে । ৬ মাহৰ পিছত শিশুক অন্য খাদ্য খুৱাব পাৰি । কিন্তু শিশুক অন্য খাদ্য খুওৱাৰ পূৰ্বে এইটো মন কৰিব লাগে যে শিশুটি অন্য খাদ্য খাবৰ বাবে উপযুক্ত হৈছে নে নাই । যদিহে শিশুটিৰ সন্মুখত অন্য খাদ্য আনিলে শিশুটিয়ে সেই খাদ্য খাবৰ বাবে মন কৰে তেন্তে শিশুটি অন্য খাদ্য খাবৰ বাবে উপযুক্ত হৈছে, তেতিয়াহে শিশুটিক অন্য খাদ্য খুৱাব লাগে । আৰু যদি শিশুটি অন্য খাদ্যৰ প্ৰতি আগ্ৰহী নহয় তেন্তে তেতিয়া শিশুটিক কেৱল মাকৰ গাখীৰ খুৱাব লাগে ।

শিশুক অন্য খাদ্য খুওৱাৰ আৰম্ভনিতে মধ্যমিয়া খাদ্য খুৱাব লাগে । মধ্যমীয়া খাদ্য অৰ্থাৎ বেছি ডাঠ খাদ্যও নহয় আৰু বেছি পাতল খাদ্যও নহয় । শিশুক প্ৰথম অৱস্থাত প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট যুক্ত খাদ্য খুৱাব লাগে । এনে খাদ্য ঘৰটো প্ৰস্তুত কৰি ল'ব পাৰিব । ঘৰতে চাউল গুৰি কৰি, তাৰ পিছত সেই চাউল গুৰি খিনি ভাঁজি ল'ব লাগে । ভাজি লোৱা চাউল গুৰি দাইলৰ সৈতে মিহলাই বয়ল কৰি খুৱাব পাৰে ।

ইয়াৰপিছত ক্ৰমান্বয়ে শিশুটিক ফল-মূল ৰস বা মিশ্ৰণ তৈয়াৰ কৰি খুৱাব পাৰে । শিশুৰ ৮-৯ মাহ মানত এই সমূহ খাদ্যৰ লগত অন্য কিছু খাদ্য যেনে গাজৰ, শাক- পাচলি আদি মিহলি কৰি খুৱাব পাৰে । ৯ মাহৰ পিছত শিশুক কণী,ভাত- দালি আদি খুৱাব পাৰি ।

শিশুক খাদ্য খুৱোৱাৰ আৰম্ভনিতে বেছি চেনী বা নিখম যুক্ত অহাৰ খুৱাব নালাগে । শিশুক বাহিৰৰ বস্তু খুৱাব নালাগে । ১ বছৰৰ পিছত শিশুটিক সকলো ধৰণৰ খাদ্য খুৱাব পাৰি । আনহাতে শিশুক একে সময়তে বেছি খাদ্য খুৱাব নালাগে । সময়ে সময়ে খাদ্য শিশুক খাদ্য খাব দিব লাগে । শিশুক সদায় পৰিয়ালৰ সকলোৰে লগত খাদ্য খাব দিব লাগে । এনেধৰণে আপুনি আপোনাৰ শিশুটি যতন লোৱাৰ লগতেই সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰে ।

লগতে পঢ়ক: Onion Oil: চুলিৰ সৈতে জড়িত সমস্যাৰ সমাধান হৈছে পিঁয়াজৰ তেল; তৈয়াৰৰ পদ্ধতি জানি লওক

Last Updated : Aug 11, 2023, 4:55 PM IST

ABOUT THE AUTHOR

...view details