ক’ভিড 19 মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে সকলোৱে জ্ঞাত ৷ বিগত দুটা বছৰে বিশ্বজুৰি এক ত্ৰাসৰ সৃষ্টি কৰিছিল ক’ভিড-19 মহামাৰীয়ে ৷ এই মহামাৰীৰ সময়ত কোনোবাই যদি নিজৰ আত্মীয়ক হেৰুৱাইছিল আন কোনোবাই আকৌ হেৰুৱাইছিল নিজৰ পিতৃ-মাতৃকো ৷ কেৱল ক'ভিডেই নহয় ইয়াৰ সৈতে জড়িত বিভিন্ন ভেৰিয়েন্টেও সমগ্ৰ বিশ্বতে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ বিগত দুটা বছৰে সকলোৱে স্বস্তিৰ নিশ্বাস লৈছিল যদিও পুনৰ আন এক নতুন ভাইৰাছৰ আগমণ ঘটিছে ৷
Corona virusৰ পিছত এইবাৰ Zika নামৰ এটি ভাইৰাছৰ পুনৰ ভুমুকি মাৰিছে ৷ ইতিমধ্যে কৰ্ণাটকত ইয়াৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে(Zika virus knocks in Karnataka) ৷ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী কে. সুধাকৰে তথ্য দি কয় যে, পাঁচ বছৰীয়া এগৰাকী নাবালিকা জিকা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ৰাজ্যত এইটোৱেই প্ৰথম ক’ৰ’না আক্ৰান্ত হোৱাৰ বাবে চৰকাৰে সযতনে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে । এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু ।
কি হয় জিকা ভাইৰাছ ?(What is Zika virus)
জিকা ভাইৰাছৰ সংক্ৰমণ এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পে । ইয়াৰ উপৰিও ই ডেংগু আৰু চিকুংগুনিয়াৰ দৰে সংক্ৰমণ বিয়পাবলৈ কাম কৰে । WHOৰ মতে, ১৯৪৭ চনত য়ুগাণ্ডাত এই ভাইৰাছ প্ৰথম চিনাক্ত কৰা হৈছিল । জিকা ভাইৰাছৰ এই বিধ মহে দিনত কামোৰে ।
ভাৰতত প্ৰথম জিকা ভাইৰাছ (Zika virus India)
ভাৰতত ২০১৭ চনত গুজৰাটত ৩ আৰু ২০১৮ চনত এজন ৰোগী ধৰা পৰিছিল । তামিলনাডুত ২০১৭ চনত এজন ৰোগীৰ ভাইৰাছ সংক্ৰমণ নিশ্চিত হৈছিল । ইয়াৰ পিছত ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানৰ জয়পুৰত জিকা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰে । ইয়াৰ পিছত দেশৰ অন্যান্য ৰাজ্যলৈও এই ভাইৰাছ বিয়পি পৰে ।