অসম

assam

ETV Bharat / sukhibhava

Spiny Gourd benefits: বেয়া কলেষ্টেৰলক শৰীৰৰ পৰা কৰিব বাহিৰ; খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি - কেন্সাৰ

অসংখ্য স্বাস্থ্য উপকাৰিতা আৰু সুস্বাদু সোৱাদেৰে ভৰপূৰ এইবিধ পাচলি তথা বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰাটো এইবিধ পাচলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আহক ইয়াৰ অন্যান্য স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে জানি লও...

Spiny Gourd
ভাত কেৰেলাৰ উপকাৰিতা

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:29 PM IST

শৰীৰৰ ৰক্তবাহী নলীত সঠিক ৰক্ত সঞ্চালন বজাই ৰাখিবলৈ শৰীৰত কলেষ্টেৰল উৎপন্ন হৈ থাকে ৷ ই এক প্ৰকাৰৰ মম সদৃশ তৰল পদাৰ্থ, যিয়ে ভিতৰৰ পৰা ৰক্তবাহী নলীবোৰ মসৃণ কৰি ৰাখে ৷ কিন্তু যদি কলেষ্টেৰলৰ পৰিমাণ অত্যধিক বৃদ্ধি পায় তেন্তে শৰীৰত তেজৰ যোগানত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ আজি আমি আপোনালোকক জনাবলৈ ওলাইছো কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা এবিধ আচৰিত পাচলিৰ বিষয়ে ৷ এই পাচলি সেৱনে কেৱল আপোনাক ফিট কৰি ৰখাই নহয় হাৰ্ট এটেকৰ আশংকাও হ্ৰাস কৰে (Cholesterol Control Vegetable) ৷

বেয়া কলেষ্টেৰল হ্ৰাস কৰা এই পাচলিবিধ হৈছে ভাত কেৰেলা ৷ এইবিধ পাচলিক বহু ঠাইত বিভিন্ন নামেৰে জনা যায় ৷ ইয়াত বৃহৎ পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে মলৰ লগতে শৰীৰৰ পৰা বেয়া কলেষ্টেৰল আঁতৰাই পেলায় ৷

ভাত কেৰেলাৰ উপকাৰিতা

কেন্সাৰ প্ৰতিৰোধ কৰে

চিকিৎসকৰ মতে, ভাত কেৰেলাত বহুতো শৰীৰৰ বাবে অতি লাগতিয়াল উপাদান পোৱা যায়, যিবোৰ শৰীৰত প্ৰৱেশ কৰি কেন্সাৰ প্ৰতিৰোধী উপাদান হিচাপে কাম কৰে ৷ নিয়মিতভাৱে ভাত কেৰেলা খালে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় বুলি দাবী কৰা হৈছে ৷

ৰক্তচাপ নিয়ন্ত্ৰণ কৰা

উচ্চ ৰক্তচাপ বা উচ্চ বি পিত ভুগি থকা ৰোগীৰ বাবে ভাত কেৰেলা (Bhat kerela Vegetable Benefits) খোৱাটো অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াৰ কাৰণ হ’ল ভাত কেৰেলাত উচ্চ ৰক্তচাপ হ্ৰাস কৰা গুণ পোৱা যায় ৷ এই পাচলিৰ ৰস খালে উচ্চ ৰক্তচাপৰ পৰা সকাহ পোৱা যায় ৷

ওজন নিয়ন্ত্ৰিত হয়

মেদবহুলতাৰ সমস্যা থকা সকলৰ বাবে ভাত কেৰেলায়ে ঔষধ হিচাপে কাম কৰে ৷ দৰাচলতে ই আঁহযুক্ত হোৱাৰ লগতে ইয়াত কেলৰিৰ পৰিমাণো কম থাকে ৷ ইয়াৰ বাবে ভাত কেৰেলা খালে পেট সোনকালে ভৰি পৰে বাবে ইয়াৰ ফলত মেদবহুলতা হ্ৰাস হয় ৷

লগতে পঢ়ক:Ridge Gourd Benefits: জিকা দেখিলেই খাবলৈ মন নাযায় নেকি ? তেন্তে জানি লওক ইয়াৰ উপকাৰিতা

ABOUT THE AUTHOR

...view details