স্প’ৰ্টছ হাৰ্নিয়া হৈছে এক প্ৰকাৰৰ সমস্যা যিটো বেছিভাগেই খেলুৱৈৰ ক্ষেত্ৰত দেখা দিয়ে ৷ ইয়াৰ কাৰণ হ’ল যেতিয়া তেওঁলোকে কৰা শাৰীৰিক কাৰ্যকলাপৰ বাবে তেওঁলোকৰ মাংসপেশী আৰু গাঁঠিবোৰ আঘাতপ্ৰাপ্ত হয় ৷ এই সন্দৰ্ভত চিকিৎসকে কয় যে, সহজ ভাষাত শাৰীৰিক কাৰ্যকলাপ, দৌৰি ফুৰিলে পেশীত টান পৰে আৰু গাঁঠিবোৰত প্ৰভাৱ পৰে, যাৰ বাবে গাঁঠিবোৰ ফাটি যায় বা আঘাতপ্ৰাপ্ত হয় ৷ যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ইয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে ৷ শেহতীয়াকৈ ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ স্প’ৰ্টছ হাৰ্নিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব ৷ সুস্থ নোহোৱালৈকে খেলুৱৈগৰাকীয়ে খেলৰ পৰা বিৰতি ল’ব লাগিব ৷
স্প’ৰ্টছ হাৰ্নিয়া কি ?
স্প’ৰ্টছ হাৰ্নিয়া (Sports Hernia) হৈছে এক বিশেষ ধৰণৰ চিকিৎসাজনিত অৱস্থা ৷ য’ত বিশেষকৈ খেলুৱৈ অৰ্থাৎ ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ ক্ষেত্ৰত এনে হোৱা দেখা যায় ৷ পেটৰ তলৰ অংশত আঘাত পালে আৰু অনবৰতে বিষ হ’লে এনে সমস্যাই দেখা দিয়ে৷ ইয়াৰ ফলত দীৰ্ঘদিনীয়া বিষৰ কাৰণো হ’ব পাৰে ৷ ইয়াৰ প্ৰথম লক্ষণ হ’ল বুকুত জ্বলা-পোৰা, যিটো পিছলৈ বিয়পি পৰে আৰু সমগ্ৰ অংশটো বিষ আৰু সংবেদনশীল অনুভৱ কৰায় ৷ এইটো জনাটো গুৰুত্বপূৰ্ণ যে স্প’ৰ্টছ হাৰ্নিয়া নিয়মীয়া হাৰ্নিয়াতকৈ পৃথক ৷ চিকিৎসাৰ ভাষাত ইয়াক “এথলেটিক পিউবালজিয়া” বুলি কোৱা হয় ৷ হাৰ্নিয়া আৰু স্প’ৰ্টছ হাৰ্নিয়াৰ লক্ষণ একে হ’লেও স্প’ৰ্টছ হাৰ্নিয়াৰ আৰম্ভণিতে পেটৰ তলৰ অংশ আৰু কঁকালত সামান্য বিষ হয় আৰু ইয়াৰ ফলত কলাৰ ক্ষতি হয় ৷ আনহাতে, মানৱ শৰীৰৰ কিছুমান অংগ শৰীৰৰ ভিতৰত ফুটা হোৱা ঠাইত থাকে । এই ফুটা হোৱা ঠাইবোৰক “শৰীৰৰ গহ্বৰ” বুলি কোৱা হয় । শৰীৰৰ গহ্বৰটো চামৰাৰ দৰে আৱৰণেৰে আবৃত হৈ থাকে । কেতিয়াবা এই গহ্বৰবোৰৰ আৱৰণ ফাটি অংগটোৰ কোনো অংশ বাহিৰলৈ ওলাই আহে । এনে বিকৃতিক হাৰ্নিয়া বোলা হয় । হাৰ্নিয়াৰ বিকাশৰ বিপদজনক কাৰকসমূহ হ’ল ধূমপান, দীৰ্ঘদিনীয়া বাধাপ্ৰাপ্ত পালমোনাৰী ৰোগ, মেদবহুলতা, গৰ্ভাৱস্থা, পেৰিটনিয়াল ডায়েলাইছিছ, কলাজেন ভেছকুলাৰ ৰোগ, আৰু পূৰ্বৰ মুকলি এপেণ্ডেক্টমী । হাৰ্নিয়াৰ প্ৰৱণতা জিনীয়, আৰু কিছুমান পৰিয়ালত বেছিকৈ দেখা দিয়ে । হাৰ্নিয়াৰ প্ৰৱণতা সৃষ্টি কৰা ক্ষতিকাৰক মিউটেচনটো প্ৰধানকৈ উত্তৰাধিকাৰী সূত্ৰে পোৱা যেন লাগে (বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত)।
লক্ষণ-
১) হাঁচি বা কাহৰ সময়ত বিষ হোৱা
২) দৌৰা, জপিওৱা বা খোজ কঢ়াৰ দৰে কামত অসুবিধা অনুভৱ কৰা