অসম

assam

Smartphone Vision Syndrome: ভুলতো নকৰিব এই কাম অন্যথা চিৰদিনলৈ হেৰুৱাব পাৰে দৃষ্টিশক্তি

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:26 PM IST

দীঘলীয়া সময়ৰ বাবে ম’বাইল ফোন ব্যৱহাৰ কৰাটো চকুৰ বাবে বিপদজনক হ'ব পাৰে ৷ ইয়াৰ ফলত আপুনি স্মাৰ্টফোন ভিজন চিণ্ড্ৰমৰ ভুক্তভোগী হ'ব পাৰে ৷ স্মাৰ্টফোন ভিজন চিণ্ড্ৰমৰ লক্ষণ আৰু ই চকুক কিদৰে ক্ষতি কৰে, আজি সেই বিষয়ে জানো আহক-

What is Smartphone Vision Syndrome, serious disease that can make you lose your eyesight?
ভুলতো নকৰিব এই কাম অন্যথা চিৰদিনলৈ হেৰুৱাব পাৰে দৃষ্টিশক্তি

ম’বাইল অবিহনে জীয়াই থকাটো আজিকালি এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে ৷ অধিকাংশৰে স্মাৰ্টফোনৰ প্ৰতি আসক্তি ইমানেই বাঢ়িছে যে, যদি আপুনি ইয়াক অলপ সময়ৰ বাবে ব্যৱহাৰ নকৰে, তেন্তে দিনটো পাৰ কৰা টান হৈ পৰে ৷ দীঘলীয়া সময়ৰ বাবে ম’বাইল ফোন ব্যৱহাৰ কৰাটো চকুৰ বাবে বিপদজনক হ'ব পাৰে ৷ ইয়াৰ ফলত আপুনি স্মাৰ্টফোন ভিজন চিণ্ড্ৰমৰ ভুক্তভোগী হ'ব পাৰে ৷ স্মাৰ্টফোন ভিজন চিণ্ড্ৰমৰ লক্ষণ আৰু ই চকুৰ কিদৰে ক্ষতিসাধন কৰে, সেই বিষয়ে জানি লও আহক-

  • স্মাৰ্টফোন ভিজন চিণ্ড্ৰম কি ?

দীঘলীয়া সময়ৰ বাবে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বাবে মানুহৰ চকুত সমস্যা হ'বলৈ আৰম্ভ কৰে, ইয়াকেই সাধাৰণতে স্মাৰ্টফোন ভিজন চিণ্ড্ৰম বুলি কোৱা হয় ৷ যেতিয়া এজন ব্যক্তিৰ স্মাৰ্টফোন ভিজন চিণ্ড্ৰম থাকে, তেওঁৰ বহু গুৰুতৰ চকুৰ সমস্যাত ভূগিব পাৰে ৷ স্মাৰ্টফোন ভিজন চিণ্ড্ৰমক কম্পিউটাৰ ভিজন চিণ্ড্ৰম আৰু ডিজিটেল ভিজন চিণ্ড্ৰম বুলিও কোৱা হয় ৷ যদি ইয়াক উপেক্ষা কৰা হয়, ই দৃষ্টিশক্তি কাঢ়ি নিব পাৰে ৷ যদিও বিশেষজ্ঞসকলে কয় যে ম'বাইল আৰু অন্ধত্বৰ বিষয়ে কোনো নিৰ্দিষ্ট অধ্যয়ন বৰ্তমানলৈ হোৱা নাই, তথাপিও আপুনি কিছুমান দিশত বিশেষ যত্ন লৈ নিজকে ইয়াৰ বিপদজনক লক্ষণৰ পৰা সুৰক্ষিত কৰিব পাৰে ৷

  • স্ক্ৰীণৰ উজ্জ্বলতা কম ৰাখিব

স্মাৰ্টফোনৰ অত্যাধিক পোহৰ চকুৰ বাবে ভাল নহয়, সেয়েহে স্মাৰ্টফোনৰ স্ক্ৰীণৰ উজ্জ্বলতা কম ৰাখিব ৷ আপুনি স্বয়ংক্ৰিয় উজ্জ্বলতা ছেটিং অন কৰিও ৰাখিব পাৰে ৷ এনে কৰাৰ ফলত স্ক্ৰীণৰ উজ্জ্বলতা আপোনাৰ প্ৰয়োজন অনুসৰি হ'ব ৷ এই পোহৰে আপোনাৰ চকুত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে ৷

  • স্মাৰ্টফোনৰ পৰা দূৰত্ব বজাই ৰাখক

স্মাৰ্টফোনৰ ব্যৱহাৰ যিমান পাৰে কম কৰিবলৈ চেষ্টা কৰিব ৷ যদি ই আপোনাৰ বাবে সম্ভৱ নহয়, তেতিয়া চকুৰ পৰা কমেও ১৬-১৮ ইঞ্চি দূৰত্বৰ পৰা স্মাৰ্টফোনটো ব্যৱহাৰ কৰক ৷ কিবা সমস্যা হ'লে স্ক্ৰীণখন জুম কৰি ল’ব ৷

  • আখৰৰ আকাৰ ডাঙৰ কৰি ৰাখিব

স্মাৰ্টফোনটোৰ সৰু আখৰৰ বাবে চকুৰ ওপৰত যথেষ্ট চাপ পৰে, যাৰ ফলত দৃষ্টিশক্তি হ্ৰাস হ'বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত, আপুনি স্মাৰ্টফোনৰ আখৰৰ আকাৰ ডাঙৰ কৰি ৰাখিব লাগে ৷

  • কেতিয়াও আন্ধাৰত ফোন ব্যৱহাৰ নকৰিব

আন্ধাৰত কেতিয়াও স্মাৰ্টফোন ব্যৱহাৰ নকৰিব ৷ ই চকুক খুব বেয়াকৈ প্ৰভাৱিত কৰে ৷ যাৰ ফলত আপুনি দৃষ্টিশক্তিও হেৰুৱাব পাৰে ৷ সেয়েহে নিশা সদায় লাইট জ্বলাইহে স্মাৰ্টফোন ব্যৱহাৰ কৰিব ৷

লগতে পঢ়ক:Constipation Remedies: নাইকিয়া হ’ব কোষ্ঠকাঠিন্য; কেৱল প্ৰতিদিনে পুৱা তিয়াই খাওক এইবিধ ফল

ABOUT THE AUTHOR

...view details