বৰ্তমান পৃথিৱীত ডায়েবেটিছ শব্দটো শুনিলেই সকলোৱে উচপ খাই উঠে ৷ ডায়েবেটিছত আক্রান্ত হোৱা মানেই যেন এক ডাঙৰ বিপদ ৷ কিয়নো এই ৰোগ হোৱা মানে স্বাভাৱিকভাৱে জীৱন যাপনত ব্যাঘাত জন্মে ৷ যি কোনো খাদ্য খাওঁ বুলি খাব নোৱাৰি ৷ সকলো সময়মতেই কৰিব লাগিব ৷ ঘড়ীৰ কটাৰ দৰে সঠিক সময়ত খোৱাৰ পৰা আৰম্ভ কৰি শোৱালৈ সকলো কাম কৰিব লাগে ৷ এই ডায়বেটিছত আক্রান্ত হোৱাৰ পূৰ্বেও এনে এক অৱস্থাৰ সৃষ্টি হয় ৷ যি ৰোগ নহয় যদিও ৰোগ সৃষ্টিৰ বাবে প্ৰস্তুত হোৱা এখন ক্ষেত্ৰ ৷ এনে অৱস্থাটোকেই কোৱা হয় 'প্ৰি- ডায়েবেটিছ' ৷
যেতিয়া তেজত গ্লুকোজ বা শৰ্কৰাৰ পৰিমাণ অস্বভাৱিকভাৱে বৃদ্ধি পায় ৷ কিন্তু এই পৰিমাণ ডায়েবেটিছ ৰোগ হোৱাৰ ক্ষেত্ৰত শৰ্কৰাৰ যি পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে সেই পৰিমাণ স্পৰ্শ নকৰে ৷ অৰ্থাৎ ডায়েবেটিছত আক্রান্ত হ'বলৈ যি পৰিমানৰ শৰ্কৰা নিৰ্ধাৰণ কৰা হয় তাতকৈ কম থাকে ৷ যেতিয়া শাৰীৰত অগ্নাশয়ৰ পৰা ইনছলিন হৰম'ন বিধ উপযুক্ত পৰিমানে নিঃসৰণ নহয় তেতিয়া এনে ধৰণৰ সমস্যাই গা কৰি উঠে ৷ এই পৰিমাণ বৃদ্ধি হয় থাকিলে যদিহে সতৰ্কতা অৱলম্বন কৰা নহয় তেতিয়া হলে ডায়েবেটিছ আক্রান্ত হোৱাৰ দিশে অগ্ৰসৰ হোৱাটো নিশ্চিত ৷ সাধাৰণতে ডায়েবেটিছত আক্রান্ত লোকসকলৰ এনে ধৰণৰ অৱস্থাৰ সৃষ্টি হোৱাৰ আশংকা বেছি ৷
সাধাৰণতে আমি আঠ ঘণ্টা খালি পেটত থকাৰ পিছত অৰ্থাৎ ফাষ্টিং ব্লাড চুগাৰ বা তেজত শৰ্কৰাৰ পৰিমাণ ১০০ ৰ তলত থাকিব লাগে ৷ আনহাতে খাদ্য গ্ৰহণৰ দুঘণ্টাৰ পিছত তেজত শৰ্কৰাৰ পৰিমাণ ১৪০ৰ তলত থাকিব লাগে ৷ খালী পেটত শৰ্কৰাৰ পৰিমাণ ১০০ৰ পৰা ১২৫ ৰ ভিতৰত আৰু খোৱাৰ দুঘন্টা পিছত যদি এই পৰিমাণ ১৪০ ৰ পৰা ১৯৯ থাকে তেতিয়া এই অৱস্থাটোক কোৱা হয় প্রি-ডায়েবেটিক ৷
যেতিয়া তেজত শৰ্কৰাৰ পৰিমাণ খালী পেটত ১২৬মিলি গ্ৰাম বা তাতকৈ বেছি থাকে আৰু খাদ্য গ্ৰহণৰ পিছত ২০০ মিলি গ্ৰাম বা তাতকৈ বেছি থাকিলে ডায়েবেটিছত আক্রান্ত হোৱা বুলি কয় ৷
আনহাতে বিগত তিনি মাহৰ শৰ্কৰাৰ পৰিমাণ গড়ে ৫.৭ মিলিগ্রামৰ কম থাকে তেতিয়াহ’লে সেয়া স্বাভাৱিক পৰিমাণ হিচাপে গণ্য কৰা হয় ৷ আনহাতে ৬.৩ মিলিগ্রামতকৈ বেছি থাকিলে ডায়েবেটিছত আক্রান্ত বুলি কয় ৷ আনহাতে ৫.৭ মিলিগ্ৰাম আৰু ৬.৩ মিলিগ্রামৰ মাজত থকাটোক কোৱা হয় প্রি-ডায়েবেটিক ৷
প্রি-ডায়েবেটিছৰ পৰা পৰিত্ৰাণৰ উপায়