মহিলাসকলৰ ৪৫ৰ পৰা ৫০ বছৰ বয়স হোৱাৰ লগে লগে ৰজোনিবৃত্তি আৰম্ভ হয় । ৰজোনিবৃত্তি মানে ঋতুস্ৰাৱ বন্ধ হোৱা । এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, যিটো প্ৰতিগৰাকী নাৰীৰ মাজত ঘটে (World perimenopause day) ।
কিন্তু ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে । কিছুমান মহিলাৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা, মেজাজৰ দোলাচল, খিংখিঙীয়া, ছালৰ সৈতে জড়িত সমস্যা, চুলি সৰা আদি বহুতো শাৰীৰিক সমস্যা দেখা যায় ।
যদি এগৰাকী মহিলাই ১২ মাহ ধৰি একেৰাহে ঋতুস্ৰাৱ নহয়, তেন্তে বুজিব যে তেওঁ ৰজোনিবৃত্তিৰ পৰ্যায়ত উপনীত হৈছে । কিন্তু ৰজোনিবৃত্তিৰ পূৰ্বেই আপুনি পেৰিমেনোপজৰ (Perimenopause) পৰ্যায়ত উপনীত হয় । কিছুমান লক্ষণৰ দ্বাৰা আপুনি পেৰিমেনোপজ চিনিব পাৰে । এই সময়ত অনিয়মীয়া মাহেকীয়া, Hot flashes, টোপনি নহা আদি বহু ধৰণৰ শাৰীৰিক লক্ষণ (Symptoms of menopause) দেখা যায়, যিবোৰ নাৰীভেদে বেলেগ বেলেগ হ’ব পাৰে । কিছুমানৰ ক্ষেত্ৰত ইয়াৰ লক্ষণবোৰ অতি গুৰুতৰ হ’ব পাৰে । এনে অৱস্থাত পেৰিমেনোপজ কি আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা হয় (Symptoms of Perimenopause) জানিব লাগিব ।
পেৰিমেনোপজ কি ?(What is perimenopause)
এক গৱেষণামূলক আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পেৰিমেনোপজৰ অৰ্থ হৈছে ৰজোনিবৃত্তিৰ আশে-পাশে(Around menopause) । এই সময়ছোৱাত আপোনাৰ শৰীৰটো ৰজোনিবৃত্তিৰ দিশে আগবাঢ়িছে(World perimenopause day 2022) । ইয়াৰ পিছত এগৰাকী নাৰীৰ প্ৰজনন বছৰ শেষ হ য়। এনে অৱস্থাত পেৰিমেনোপজক ৰজোনিবৃত্তি পৰিৱৰ্তন বুলিও কোৱা হয় । প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত ই বেলেগ বেলেগ হ’ব পাৰে ।
পেৰিমেনোপজৰ লক্ষণসমূহ কি কি ?(Symptoms of perimenopause)
কিছুমান মহিলাৰ ক্ষেত্ৰত ৪০ বছৰ বয়স অতিক্ৰম কৰাৰ লগে লগে পেৰিমেনোপজৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে । ইয়াৰ ভিতৰত মূলতঃ অনিয়মিত ঋতুস্ৰাৱো অন্তৰ্ভুক্ত । কিন্তু কিছুমান মহিলাৰ ক্ষেত্ৰত ৩০ বছৰৰ প্ৰথম অৱস্থাতো দেখা দিব পাৰে । পেৰিমেনোপজৰ সময়ত আপুনি এনে অনুভৱ কৰিব পাৰে-
- মহিলা যৌন হৰম’ন ইষ্ট্ৰজেনৰ মাত্ৰা অসমানভাৱে বৃদ্ধি আৰু হ্ৰাস হ’বলৈ আৰম্ভ কৰে
- ঋতুচক্ৰ দীঘলীয়া বা কম হ’ব পাৰে
- ঋতুচক্ৰ আৰম্ভ হয়, কিন্তু এই সময়ছোৱাত অভেৰীৰ(ovaries) পৰা Eggs ৰিলিজ নকৰে
- কেৱল এয়াই নহয়, আপুনি ৰজোনিবৃত্তিৰ লক্ষণ যেনে অনিয়মীয়া মাহেকীয়া, Hot flashes, যোনি শুকান হোৱা, টোপনি অহাত অসুবিধা আদি অনুভৱ কৰিব পাৰে
- যোনি আৰু মূত্ৰাশয়ৰ লগত জড়িত সমস্যা হ’ব পাৰে
- উৰ্বৰতা আৰু কামনাশক্তি কমি যাব পাৰে
- কলেষ্টেৰলৰ মাত্ৰাৰ উঠা-নমা
- মুড ছুইং আদি লক্ষণ দেখা দিব পাৰে ।
পেৰিমেনোপজ পিৰিয়ড কিমান দিনলৈ থাকে ?(How long does the perimenopause period last)
গড়ে পেৰিমেনোপজৰ সময় সাধাৰণতে চাৰি বছৰলৈকে থাকে । কিন্তু নাৰীভেদে বেলেগ বেলেগ হ’ব পাৰে । কিছুমানত ই মাত্ৰ দুমাহলৈকে থাকে, তাৰ পিছত ই এগৰাকী মহিলাক ১০ বছৰলৈকে অসুবিধা দিব পাৰে । যদি কোনো মহিলাৰ ১২ মাহ ঋতুস্ৰাৱ নহয় তেন্তে তেওঁ ৰজোনিবৃত্তিত উপনীত হৈছে আৰু তেওঁৰ পেৰিমেনোপজৰ পিৰিয়ড শেষ হৈ গৈছে বুলি কোৱা হয় ।
পেৰিমেনোপজৰ লক্ষণসমূহৰ পৰা কেনেকৈ ৰক্ষা পৰিব(How to manage perimenopausal symptoms)
স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক । দৈনন্দিন কাম-কাজত ব্যায়াম অন্তৰ্ভুক্ত কৰক । সঠিক টোপনি লওক । মদ্যপান, ধূমপান নকৰিব । ওজন নিয়ন্ত্ৰণত ৰাখক । মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক ।
লগতে পঢ়ক:Irregular periods: কিয় হয় অনিয়মিত মাহেকীয়া ? জানক ইয়াৰ কাৰণ আৰু উপায়