অসম

assam

ETV Bharat / sukhibhava

Appendix: এপেন্ডিচাইটিছ ৰোগ কি, ইয়াৰ কাৰণ আৰু চিকিৎসা কি ? - এপেন্ডিচাইটিছৰ চিকিৎসা

এপেন্ডিচাইটিছ ৰোগ কি হয় ? এই ৰোগৰ কাৰণ আৰু লক্ষণ সমূহ কি কি ? এই ৰোগৰ চিকিৎসা কি এই সন্দৰ্ভত জনালে জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ ইলিয়াছ আলীয়ে ৷

appendix
এপেন্ডিচাইটিছ ৰোগ কি, ইয়াৰ কাৰণ আৰু চিকিৎসা কি ?

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 7:52 PM IST

এপেন্ডিচাইটিছ ৰোগ কি, ইয়াৰ কাৰণ আৰু চিকিৎসা কি ?

এপেন্ডিক্স হৈছে আমাৰ খাদ্যনলীৰ এটা অংশ ৷ এপেন্ডিক্স ফুলি উঠা বা প্ৰদাহ হ'লে এপেন্ডিচাইটিছ বুলি কোৱা হয় ৷ সাধাৰণতে এপেন্ডিচাইটিছ হ'লে পেটৰ তলৰ সোফালৰ ফালে বিষ হ'বলৈ ধৰে ৷ যিমানেই এপেন্ডিক্সটো বেছিকৈ ফুলি উঠে সিমানেই বেছিকৈ বিষায় ৷ যিকোনো লোকৰে এই ৰোগবিধ হ'ব পাৰে ৷ বিশেষকৈ ১০ ৰ পৰা ৩০ বছৰৰ ভিতৰৰ বয়সৰ লোক সকলৰ বেছিকৈ এই ৰোগ হোৱা দেখা যায় ৷ এপেন্ডিক্স ৫ ছেন্টিমিটাৰৰ পৰা ১৪ ছেন্টিমিটাৰ হ'ব পাৰে ৷ এপেন্ডিক্স এবিধ ক্ষয়জাত গ্ৰন্থি ৷

এপেন্ডিক্সৰ লক্ষণসমূহ

১) এপেন্ডিক্স হ'লে পেটৰ তলত সোঁফালে হঠাৎ বিষ অনুভৱ হয় ৷

২)যেতিয়া কাঁহ উঠে, খোজ কঢ়া বা জপিঁয়ালে এই বিষ বেছি হ'বলৈ ধৰে ৷

৩) বমি অথবা উকালি ভাৱ আহিব পাৰে ৷

৪) আক্রান্তৰ ভোক কমি যায় ৷

৫)যিমানেই ৰোগবিধ জটিল ৰূপ ধাৰণ কৰে সিমানেই শৰীৰৰ উত্তাপ বৃদ্ধি পাব পাৰে ৷

৬) কেতিয়াবা কোষ্ঠ কাঠিন্য অথবা ডায়েৰীয়াও হ'ব পাৰে ৷

৭)এনে ৰোগীৰ গেছ হোৱাও দেখা যায় ৷

৮) কেতিয়াবা নাভিৰ গুৰিত বিষ হ'ব পাৰে ৷

এপেন্ডিচাইটিছ কাৰণসমূহ

১)খাদ্যভ্যাসৰ বাবে এই ৰোগ বেছি হয় ৷ মাংস, কণী বা উচ্চ প্ৰ’টিনযুক্ত খাদ্য খালে এনে হ'ব পাৰে ৷

২) কেতিয়াবা সংক্ৰমণ হৈ এপেন্ডিচাইটিছ হোৱাৰ আশংকা থাকে ৷

৩)এপেন্ডিক্সত পেলু সোমাইও এপেন্ডিচাইটিছ কৰিব পাৰে ৷

এপেন্ডিচাইটিছ ৰোগৰ চিকিৎসা

এই ৰোগ হ’লে তাৎক্ষণিক ভাৱে অস্ত্ৰোপচাৰ কৰিবই লাগিব ৷ যিমান সোনকালে পাৰি সিমান সোনকালে অস্ত্ৰোপচাৰ কৰিলে জটিলতা কম হয় ৷ পলম হোৱাৰ লগে লগে জটিল হ'ব পাৰে ৷ চিকিৎসকে যদি অস্ত্ৰোপচাৰৰ পৰামৰ্শ আগবঢ়াই তেন্তে শীঘ্ৰেই কৰিব লাগে ৷ কোনো কাৰণতে অস্ত্ৰোপচাৰৰ কৰাত আৱহেলা কৰিব নালাগে ৷

লগতে পঢ়ক:Health Benefits of Orange: ভিটামিন ‘চি’ৰে সমৃদ্ধ কমলা খাওক স্বাস্থ্যকাৰী গুণাগুণ হাততে পাওক

লগতে পঢ়ক:Healthy Eating for Children: অভিভাৱকসকলে সন্তানক খাদ্য় খাবলৈ দিয়াৰ সময়ত হওক সাৱধান!

ABOUT THE AUTHOR

...view details