আমি প্ৰায়েই শুনি আহিছো যে, ফল-মূল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ আমি ফল-মূল খালে বহু উপকাৰিতা লাভ কৰিব পাৰো, ই আমাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ছাল উজ্বল কৰাতো সহায় কৰে ৷ ফল-মূলত আঁহ, খনিজ পদাৰ্থ, ভিটামিন, এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে শৰীৰক হাইড্ৰেট কৰি ৰাখে ৷
এনে পৰিস্থিতিত বহুতে ওজন কমাবলৈ বা শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰিবলৈ কেৱল ফল-মূলহে গ্ৰহণ কৰে ৷ ওজন হ্ৰাসৰ ক্ৰমবৰ্ধমান ধাৰাসমূহৰ ভিতৰত কেৱল ফলৰ ডায়েটকো অনুসৰণ কৰা হয় ৷ ৩ দিন কেৱল ফল-মূল খোৱাৰ নিয়মক ফল-মূলৰ ডায়েট বুলিও কোৱা হয় ৷
কিন্তু আপুনি জানেনে কেৱল ফল-মূল ৩ দিন অৰ্থাৎ ৭২ ঘন্টা খালে আমাৰ শৰীৰত কি প্ৰভাৱ পৰে ৷ যদি আপুনি মাত্ৰ ৩ দিন কেৱল ফল-মূলেই গ্ৰহণ কৰে তেন্তে আপোনাৰ শৰীৰত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ দেখা যায় ৷
আচলতে, ফল-মূলত ভিটামিন, মিনাৰেল, এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে ৷ এইবোৰে আমাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় ৷ কিন্তু আমি এইটোও জানিব লাগিব যে, কেৱল ফল-মূলেই খালে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ কিন্তু আপুনি যদি ৭২ ঘন্টা কেৱল ফলৰ ওপৰতেই নিৰ্ভৰশীল হয় তেন্তে শৰীৰত পৰিব এই প্ৰভাৱ যেনে-
ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ডায়েবেটিছ বা প্ৰি-ডায়েবেটিছ ৰোগীয়ে কেৱল ফল-মূল খোৱাৰ অভ্যাস পৰিহাৰ কৰিব লাগে ৷ কাৰণ বেছিভাগ ফলতে প্ৰাকৃতিক চেনি বেছি থাকে ৷ এই অভ্যাসে অগ্নাশয় আৰু বৃক্কৰ ৰোগত আক্ৰান্ত লোকৰ স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা বৃদ্ধি কৰিব পাৰে ৷
দাঁতৰ ক্ষয়