গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ বেছিভাগ লোকেই ঠাণ্ডা পানী, চৰবত বা আইচক্ৰীম খায় ৷ কিন্তু আপুনি জানেনে যে অত্যাধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ? হয়, এই দিনকেইটাত অত্যাধিক আইচক্ৰীম খোৱাৰ ফলত আপুনি মেদবহুলতা, ডায়েবেটিচ আৰু হৃদআক্ৰমণত আক্ৰান্ত হ'ব পাৰে ৷ শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে ৷ আইচক্ৰীমৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে আজি জানো আহক-
মেদবহুলতা
গ্ৰীষ্মকালত অত্যাধিক আইচক্ৰীম সেৱনে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে ৷আপুনি জানি আচৰিত হ’ব যে ২-৩ স্কুপ আইচক্ৰীমত ১০০০ তকৈ অধিক কেলৰি থাকে ৷ এনে পৰিস্থিতিত যদি আপুনি বেছিকৈ আইচক্ৰীম খায়, তেনেহ'লে ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে ৷
ডায়েবেটিচ
আইচক্ৰীমত যথেষ্ট পৰিমাণৰ চেনী থাকে, যিয়ে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে ৷ যাৰ ফলত ডায়েবেটিচৰ হোৱাৰ ভয় থাকে ৷ অৱশ্যে, ৰক্ত শৰ্কৰাৰ পৰিমাণ কম থকা লোকসকলৰ বাবে সীমিত পৰিমাণৰ আইচক্ৰীম খোৱাটো উপকাৰী হ'ব পাৰে ৷