গ্ৰীষ্মকালত আপোনাৰ শৰীৰটো যদি শীতল কৰি ৰাখিব বিচাৰে, তেন্তে আপোনাৰ আহাৰৰ তালিকাত আনাৰসৰ ৰস অন্তৰ্ভূক্ত কৰক ৷ হয়, আনাৰসত আমাৰ শৰীৰৰ বাবে লাগতিয়াল সকলোবোৰ ভিটামিন, খনিজ তথা পুষ্টি থাকে ৷ গ্ৰীষ্মকালত এই ফল খোৱাৰ বহু স্বাস্থ্য উপকাৰিতা আছে ৷ আজি সেই বিষয়ে জানো আহক-
আনাৰসৰ ৰসত ব্ৰ’মেলিনকে ধৰি পুষ্টিকৰ উপাদান আৰু উপকাৰী যৌগ থাকে যিয়ে আপোনাৰ স্বাস্থ্যক সহায় কৰিব পাৰে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে ।
পুষ্টিৰে সমৃদ্ধ
আনাৰসত থকা মেঙ্গানিজ, তাম, ভিটামিন-বি ৬ আৰু চি-ৰ দৰে পুষ্টিয়ে হাড়ৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা, ক্ষত নিৰাময় আৰু শক্তি উৎপাদনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ই আইৰণ, কেলচিয়াম, ফছফৰাছ, জিংক, কোলিন, ভিটামিন-কে আৰু ভিটামিন বি সমৃদ্ধ ৷
শৰীৰ ফুলা হ্ৰাস কৰা
আনাৰসৰ ৰসত ব্ৰোমেলাইন থাকে ৷ব্ৰোমেলাইন এনজাইমৰ এটা গোট ৷ যিয়ে আঘাত, অস্ত্ৰোপচাৰ, ৰিউমেটইড আৰ্থ্ৰাইটিছ বা অষ্টিওআৰ্থ্ৰাইটিছৰ ফলত শৰীৰ ফুলা সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি