অসম

assam

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:47 PM IST

ETV Bharat / sukhibhava

Alcohol And Smoking Combination: সুৰা-চিগাৰেট একেলগে সেৱন কৰিলে মৃত্যু হ’ব পাৰে নেকি ? গৱেষকে কি কয়

ধূমপান কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ, ষ্ট্ৰোক, চি অ’ পি ডি আৰু কেন্সাৰ আদি বিপদজনক ৰোগ হ’ব পাৰে । একে সময়তে মদ্যপান কৰিলে মুখ, ডিঙি, মগজুৰ ক্ষতি আৰু বৃদ্ধি পায় হৃদৰোগৰ সম্ভাৱনা ।

What happens if you drink alcohol and smoke cigarettes together?
সুৰা-চিগাৰেট একেলগে সেৱন কৰিলে মৃত্যু হ’ব পাৰে নেকি ? গৱেষকে কি কয়

বহুলোকৰ বাবে সুৰা আৰু চিগাৰেট এটা ট্ৰেণ্ডলৈ পৰিণত হৈছে ৷ এই দুই বস্তুৰ অবিহনে যিকোনো পাৰ্টি অসম্পূৰ্ণ বুলি গণ্য কৰা হয় ৷ সুৰা আৰু চিগাৰেট দুয়োটাই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সেয়া আমি সকলোৱে জানো ৷

ধূমপানৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ, ষ্ট্ৰোক, চি অ’ পি ডি আৰু কেন্সাৰ আদি বিপদজনক ৰোগে দেখা দিব হ’ব পাৰে ৷ একে সময়তে সুৰাপান কৰিলে মুখ, ডিঙি আৰু স্তন কেন্সাৰ, ষ্ট্ৰোক, মগজুৰ ক্ষতি আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ কিন্তু আপুনি জানেনে যে চিগাৰেট আৰু সুৰা দুয়োটাৰে সংমিশ্ৰণ (Alcohol and Smoking Side Effects) স্বাস্থ্যৰ বাবে আৰু অধিক বিপজ্জনক ৷ সুৰা আৰু ধূমপানৰ সংমিশ্ৰণে স্বাস্থ্যৰ কিমান ক্ষতি কৰিব পাৰে সেই বিষয়ে আজি জানি লওক...

চিগাৰেট-সুৰাৰ সংমিশ্ৰণ মাৰাত্মক

১/ গুৰুতৰ হৃদৰোগৰ আশংকা

সুৰাপান আৰু চিগাৰেটৰ ধোঁৱা ল’লে হৃদযন্ত্ৰৰ লগত জড়িত বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব পাৰে ৷ ধূমপানৰ ফলত এথেৰ’স্কলেৰ’ছিছ অৰ্থাৎ ধমনী সংকুচিত হোৱাৰ সমস্যা হ’ব পাৰে ৷ একে সময়তে অত্যধিক সুৰাপান কৰিলে কাৰ্ডিঅ’মাইঅ’পেথী, উচ্চ ৰক্তচাপ আৰু অনিয়মিত হৃদস্পন্দন আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ বাবে আৰু বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

২/ যকৃতত বিপজ্জনক প্ৰভাৱ

সুৰাপান কৰিলে লিভাৰৰ ক্ষতি হ’ব পাৰে আৰু চিগাৰেট খালে ইয়াক আৰু গুৰুতৰ কৰি তুলিব পাৰে ৷ দুয়োটা একেলগে সেৱন কৰিলে যকৃতৰ লগত জড়িত গুৰুতৰ ৰোগ হ’ব পাৰে ৷ ইয়াৰ বাবে লিভৰ নিজেও সুস্থ হোৱাত অসুবিধা হয় ৷

৩/ কেন্সাৰ বৃদ্ধিৰ আশংকা

সুৰাপান আৰু ধূমপান দুয়োটাই বিভিন্ন ধৰণৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ বিপদ যথেষ্ট বেছি ৷ দুয়োটা একেলগে সেৱন কৰিলে মুখ, ডিঙি আৰু খাদ্যনলীৰ লগত জড়িত গুৰুতৰ আৰু বিপজ্জনক ৰোগ হ’ব পাৰে ৷

৪/ অভ্যাসলৈ পৰিণত হ’লে সৃষ্টি হ’ব এই সমস্যা

সুৰা আৰু ধঁপাত সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয় ৷ দুয়োটা নিচাই মনক প্ৰভাৱিত কৰে ৷ এবাৰ দুয়োৰে প্ৰতি আসক্ত হ’লেই দুয়োৰে পৰা মুক্তি পোৱাটো কঠিন হৈ পৰে ৷ ইয়াৰ কাৰণে শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ নহয় ৷

লগতে পঢ়ক:Foods for Winter: শীতকালত আপোনাক সুস্থ ৰখাৰ লগতে চৰ্দি-কাহৰ পৰা ৰক্ষা কৰিব এইসমূহ খাদ্যই

ABOUT THE AUTHOR

...view details