অসম

assam

ETV Bharat / sukhibhava

Cardamom Benefits: এই ৪টা কাৰণতেই আমি দৈনিক সৰু ইলাচি চোবাই খাব লাগে

আমাৰ মাজৰ বেছিভাগেই সৰু ইলাচি চোবাই ভালপাওঁ, ই মুখৰ সোৱাদ সলনি কৰে, কিন্তু ইলাচি সেৱন কৰিলে আমাৰ শৰীৰে কি উপকাৰিতা পাব পাৰে জানেনে লওক ।

What happens if we eat cardamom daily? let's learn the benefits of eating cardamom
এই ৪টা কাৰণতেই আমি দৈনিক সৰু ইলাচি চোবাই খাব লাগে

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 1:36 PM IST

সৰু ইলাচিৰ সোৱাদ কোনেনো ভাল নাপায় ৷ ইয়াৰ অনন্য সোৱাদে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ৷ ইয়াক সাধাৰণতে মিঠাই, পুলাও, বিৰিয়ানী আৰু হালোৱাত ব্যৱহাৰ কৰা হয় ৷ ইয়াত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, এন্টিঅক্সিডেন্ট পোৱা যায় ৷ ঔষধি গুণেৰে সমৃদ্ধ সৰু ইলাচি সাধাৰণতে ভাৰতীয় পাকঘৰত পোৱা যায় । ই খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাৰ উপৰিও শাৰীৰিক সমস্যা দূৰ কৰাত সহায়ক বুলি প্ৰমাণিত হয় । ইলাচিত এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টিমাইক্ৰ’বিয়াল গুণ পোৱা যায় । ইয়াৰ সহায়ত ডায়েবেটিছ, মানসিক চাপ আৰু যকৃত আৰু বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে ।

চিকিৎসকৰ তথ্য অনুসৰি মছলাৰ ৰাণী হিচাপে পৰিচিত সৰু ইলাচি বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী । সেয়ে ইলাচি খালে আৰু কি কি উপকাৰিতা সাধন হ’ব পাৰে জানি লওক-

সৰু ইলাচি চোবাই খোৱাৰ উপকাৰিতা

১/ হজম শক্তি (Digestion)

সৰু ইলাচিৰ সহায়ত এনজাইমৰ নিঃসৰণ উদ্দীপিত হয় যিয়ে পাচনত সহায় কৰে, যাৰ ফলত পেট ফুলা, গেছ আৰু পেটৰ ক্ৰেম্পৰ দৰে সাধাৰণ পাচন সমস্যাৰ পৰা মুক্তি পায় ৷

২/ সতেজ উশাহ (Fresh Breath)

সৰু ইলাচি প্ৰাকৃতিক মুখ সতেজতা হিচাপে ব্যৱহাৰ কৰা হয় ৷ নিয়মিতভাৱে চোবাই খালে মুখৰ দুৰ্গন্ধ নোহোৱা হৈ যাব আৰু মুখখন সতেজ অনুভৱ হ’ব ৷

৩/ ৰক্ত সঞ্চালন ভাল হ’ব (Improved blood circulation)

সৰু ইলাচিয়ে প্ৰাকৃতিক তেজ পাতলকাৰী হিচাপে কাম কৰে, যাৰ ফলত শিৰাত ৰক্ত সঞ্চালন উন্নত হয় ৷ এইখিনি খালে তেজ জমা হোৱা ৰোধ হয় আৰু লগতে হাৰ্ট এটেকৰ সম্ভাৱনাও কম হয় ৷

৪/ শৰীৰ বিশুদ্ধিকৰণ কৰে (Detoxification)

যদি আমাৰ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে তেন্তে ই বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ কিন্তু সৰু ইলাচি সেৱন কৰিলে প্ৰস্ৰাৱৰ প্ৰবাহ বৃদ্ধি পাব আৰু শৰীৰৰ বিশুদ্ধিকৰণ হ’ব ৷ ই বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব যাৰ বাবে বৃক্ক সম্পৰ্কীয় ৰোগৰ আশংকা দূৰ হ’ব ৷

লগতে পঢ়ক:Health Tips: ডায়েবেটিছ ৰোগীয়ে মিঠা আলু খাব লাগেনে ? সঠিক উত্তৰ জানি লওক

ABOUT THE AUTHOR

...view details