অসম

assam

ETV Bharat / sukhibhava

Bhagyashree Diet: নিজকে সুস্থ ৰাখিবলৈ এই আহাৰ গ্ৰহণ কৰে মেইনে প্যাৰ কিয়াৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে?

ভাগ্যশ্ৰীয়ে দুপৰীয়াৰ আহাৰত সতেজ সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰে, বিশেষকৈ সেউজীয়া শাক-পাচলিৰ পৰা তৈয়াৰী তৰকাৰী তেওঁৰ অতি প্ৰিয় । আহক জানো তেওঁ দুপৰীয়াৰ আহাৰত কি খাদ্য গ্ৰহণ কৰে...

Bhagyashree Diet
ভাগ্যশ্ৰীয়ে দুপৰীয়াৰ আহাৰত কি খাদ্য গ্ৰহণ কৰে ?

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:49 PM IST

১৯৮৯ চনত পৰিচালক সুৰজ বৰজাত্যৰ ব্লকবাষ্টাৰ ছবি ‘মেইনে প্যাৰ কিয়া’ত ছলমান খানৰ সৈতে একলগে অভিনয়ৰ জগতত ভৰি দিছিল ভাগ্যশ্ৰীয়ে । বলীউডৰ মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰীয়ে প্ৰায়ে নিজৰ ফিটনেছ আৰু আকৰ্ষণীয় ৰূপৰ দ্বাৰা সকলোকে আচৰিত কৰি তোলে । বৰ্তমান তেওঁৰ বয়স ৫৪ বছৰ বুলি বিশ্বাস কৰাটো খুবেই কঠিন । আজি আমি জানিম যে তেওঁৰ দুপৰীয়াৰ আহাৰত কি কি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে যিয়ে তেওঁক ফিট আৰু এক্টিভ কৰি ৰাখে । উল্লেখ্য যে, তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ প্লেটৰ এখন ফটো শ্বেয়াৰ কৰিছিল যিখন সেউজীয়া শাক-পাচলিৰে ভৰি আছিল । ইয়াত তেওঁ অন্তৰ্ভুক্ত কৰিছে-

ভাগ্যশ্ৰীয়ে দুপৰীয়াৰ আহাৰত কি খাদ্য গ্ৰহণ কৰে ?

১/ ৰঙালাউৰ তৰকাৰী

ৰঙালাউ নিজৰ সাধাৰণ আৰু অনন্য সোৱাদৰ বাবে জনাজাত, ভাৰতত এনে কোনো ঘৰ নাই চাগৈ য’ত ইয়াক ৰন্ধা নহয় ৷ ৰঙালাউৰ তৰকাৰী ভাত আৰু ৰুটি দুয়োটাৰে লগত খাব পাৰি ৷ ইয়াৰ ফলত হজম শক্তি উন্নত হয় আৰু লগতে ওজন নিয়ন্ত্ৰণ হয় ৷ লগতে ই দৃষ্টিশক্তি উন্নত কৰাতো সহায় কৰে ৷

২/ পানী লাউৰ বাকলিৰ তৰকাৰী

আমাৰ মাজৰ বেছিভাগেই পানীলাউ ৰান্ধি থাকোঁতে তাৰ বাকলি উলিয়াই ডাষ্টবিনত পেলাই দিয়ে, কিন্তু আপুনি হয়তো নাজানে ইয়াৰ কিমান গুণাগুণ আছে ইয়াক সোৱাদযুক্ত কৰিবলৈ ইয়াৰ লগত সামান্য মছলা মিহলাই এক সোৱাদযুক্ত ৰেচিপি প্ৰস্তুত কৰিব পৰা যায় ৷

৩/ জিকাৰ তৰকাৰী

ই এবিধ ভাৰতীয় জনপ্ৰিয় খাদ্য, যি কেতিয়াবা মছলাৰ সৈতে আৰু কেতিয়াবা বিলাহীৰ সৈতে কেতিয়াবা পিয়াঁজ আৰু আলু মিহলাইও ৰন্ধা হয় ৷ এইবিধ স্বাস্থ্যকৰ পাচলি বিধে আমাক সুস্থ কৰি ৰখাত সহায় কৰে ৷

৪/ লাউৰ তৰকাৰী

ই এবিধ অতি সাধাৰণ পাচলি যিটো বহুতে ভাল নাপায় যদিও স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ই অতি উপকাৰী ৷ ইয়াক খালে শৰীৰে বহুতো পুষ্টিকৰ উপাদান লাভ কৰে ৷

লগতে পঢ়ক:Indigestion: খাদ্য খোৱাৰ সময়ত মানি চলক এই নিয়ম; কেতিয়াও নহয় কোষ্ঠকাঠিন্য-গেছৰ সমস্যা

ABOUT THE AUTHOR

...view details