প্ৰায় ৰোগীয়ে কয়-"মোৰ দাঁত পোকে খাইছে ৷ কেতিয়াবা সকাহ পাও যদি আৰু কেতিয়াবা কিবা খালেই খুব বিষাবলৈ আৰম্ভ কৰে ৷'' দৰাচলতে দাঁতৰ পোক বুলি কোনো ৰোগ নাই ৷ দাঁত পোকে খোৱাটো এক ভ্ৰান্ত ধাৰণাহে মাথোঁ ৷ দাঁতৰ এনে বিষ বিভিন্ন কাৰণত হ'ব পাৰে ৷ সাধাৰণতে দেখা যায় খাদ্যবস্তু খোৱাৰ পিছত দাঁত ভালদৰে পৰিষ্কাৰ নকৰিলে সেইবোৰ দাঁতৰ ফাঁকত সোমাই যায় ৷ ইয়াতেই বিভিন্ন ধৰণৰ ৰাসায়নিক সৃষ্টি হৈ দাঁতত কলা বৰণ হ'বলৈ ধৰে ৷ এই ৰাসায়নিকে দাঁতৰ ক্ষতি সাধন কৰে ৷ ফলত ই কলা পৰে ৷ এনে অৱস্থাত যদি অৱহেলা কৰি চিকিৎসা নকৰে তেন্তে পিছত বিষ অনুভৱ হয় ৷ যিমানেই এনেদৰে দাঁতৰ ক্ষতি সাধন হৈ থাকে সিমানেই বিষৰ প্ৰকোপ বাঢ়ে ৷ আনকি দাঁতৰ ক্ষয় বেচিকৈ হৈ থাকিলে সেয়া নিৰ্মূল কৰিবলৈ দাঁতটো উঠাই দিব লগীয়া পৰ্যন্ত হয় ৷
দাঁতৰ বৰণ কলা পৰা অথবা সঘনাই বিষায় থাকিলে কেতিয়াও অৱহেলা কৰিব নালাগে ৷ কিছুমান দাঁতটো বেছি পোকে খোৱা নাই বুলি চিকিৎসা কৰিব নোখোজে ৷ এয়া কেতিয়াও কৰিব নালাগে ৷ সাধাৰণতে শিশু অৱস্থাত এনে সমস্যা বেছিকৈ গা কৰি উঠে ৷
আমি খোৱাৰ পিছত ভালদৰে পৰিস্কাৰ নকৰিলে এনে সমস্যা গা কৰি উঠে ৷ কিয়নো দাঁতৰ মাজত ৰৈ যোৱা খাদ্যবস্তুখিনিত সৃষ্টি হোৱা ৰাসায়নিকে এনামেলৰ ক্ষতিসাধন কৰে ৷ শিশুসকলে বেছিকৈ চকলেট খালেও এনে সমস্যাই গা কৰি উঠে ৷ তদুপৰি বটলত ভৰাই গাখীৰ খুওৱাৰ পিছত যদি শিশুৰ মুখখন ভালদৰে পৰিস্কাৰ কৰা নহয় তেতিয়াও এনে বিষ হোৱাৰ লগতে দাঁত কলা পৰে ৷