আগতে মানুহে বিশ্বাস কৰিছিল যে চুলি বগা হোৱাটো বয়স বৃদ্ধিৰ লক্ষণ ৷ কিন্তু সাম্প্ৰতিক সময়ত বহুতো কম বয়সৰ যুৱক-যুৱতী আনকি কিশোৰ-কিশোৰীসকলেও চুলি বগা পৰাৰ সমস্যাত ভোগা দেখিবলৈ পোৱা যায় ৷ চিকিৎসকসকলে কয় যে অনিয়মীয়া খাদ্যভ্যাস, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু কেমিকেলযুক্ত পদাৰ্থৰ ব্যৱহাৰেই ইয়াৰ বাবে দায়ী (What causes premature hair greying) ৷ আয়ুৰ্বেদে কৈছে বাত আৰু পিত্তৰ বিভ্ৰান্তিৰ বাবে চুলি অকালতে বগা পৰে ৷
আয়ুৰ্বেদত বাত, পিত্ত আৰু কফ নামেৰে তিনিটা দোষৰ বিষয়ে উল্লেখ আছে ৷ এজন ব্যক্তিৰ শাৰিৰীক, মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই এই তিনিটা দোষে ৷ বাত, পিত্ত আৰু কফ__ পৰিৱেশ, ভৌগোলিক কাৰক আৰু বংশগত কাৰকৰ ওপৰত নিৰ্ভৰশীল । এইবোৰৰ প্ৰভাৱ ব্যক্তিভেদে পৃথক হয় ।
আয়ুৰ্বেদিক বিশেষজ্ঞ, মুম্বাইৰ নিৰোগ আয়ুৰ্বেদিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনীষা কালেৰ মতে, অকালতে চুলি বগা হোৱাৰ অৱস্থাক অকাল পালিত্য বুলিও কোৱা হয় । যদি চুলিবোৰ অকালতে বগা হ'বলৈ আৰম্ভ কৰে, তেনেহ'লে ইয়াৰ বাবে বাত আৰু পিত্তৰ ভাৰসাম্যহীনতাক দায়ী বুলি গণ্য কৰা হয় ( Grey hair causes) । তেওঁ বৰ্ণনা কৰে যে, পিত্তৰ বিভ্ৰান্তিয়ে মেলানোচাইটক প্ৰভাৱিত কৰে, যি মেলানিন উৎপাদন কৰে ৷ মেলানিন হৈছে চুলিৰ ৰং নিৰ্ধাৰণ কৰা ৰঞ্জক । সেয়েহে, যেতিয়া মেলানোচাইট প্ৰভাৱিত হয়, মেলানিনৰ উৎপাদন বাধাপ্ৰাপ্ত হয় আৰু চুলি বগা হ'বলৈ আৰম্ভ কৰে ।
বংশগত কাৰণতো চুলি বগা পৰে বুলি বহুতে ক’ব বিচাৰে ৷ কিছুমান অন্য কাৰণ তলত উল্লেখ কৰা হ’ল-
1.শৰীৰত পুষ্টিৰ অভাৱ
ময়দা, চেনী, তেলযুক্ত অত্যাধিক জাংক ফুড খোৱা আৰু পুষ্টিকৰ খাদ্যৰ অভাৱৰ ফলত সৃষ্টি হয় হজমৰ সমস্যা ৷ এই অভ্যাসে শৰীৰৰ হজম প্ৰক্ৰিয়াকো প্ৰভাৱিত কৰে । ফলস্বৰূপে, দোষবোৰে আমাৰ স্বাস্থ্য আৰু শৰীৰৰ অন্যান্য কাৰ্যকলাপ প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে । পিছলৈ, চুলি বগা পৰা আৰু অন্যান্য সমস্যা উদ্ভৱ হয় ।
2. টোপনিৰ অভাৱ