ঠাণ্ডা আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুতৰে হাত আৰু ভৰি জঠৰ হ'বলৈ আৰম্ভ কৰে ৷ বহু ক্ষেত্ৰত এইটো স্বাভাৱিক যদিও বাৰে বাৰে যদি এনে হয়, তেন্তে ইয়াক একেবাৰে উপেক্ষা নকৰিব ৷ এনেদৰে হাত-ভৰি জঠৰ হোৱাৰ মুখ্য কাৰণ হৈছে আমাৰ ৰক্ত নলীবোৰ সংকুচিত হোৱা ৷ ৰক্তনলী সংকুচিত হ'লে বাকী অংগবোৰলৈ অক্সিজেনৰ যোগান হ্ৰাস হ'বলৈ আৰম্ভ কৰে ৷ কিন্তু কেতিয়াবা এনে জঠৰতা শৰীৰত তেজৰ অভাৱ তথা শিৰাবোৰত হোৱা অৱৰোধৰ বাবেও হ'ব পাৰে, যিয়ে পৰৱৰ্তী সময়ত গুৰুতৰ ৰূপ ল’ব পাৰে ৷
হয়, শৰীৰত তেজৰ অভাৱ হ’লেও হাত আৰু ভৰি জিনজিনাই থাকে ৷ সেয়েহে খাদ্য তালিকাত গাজৰ, আপেল, ডালিম, বিট, কাঠবাদাম, আখৰোট, কিচমিচ আদিকে ধৰি সকলো আইৰণ আৰু কেলচিয়ামযুক্ত খাদ্য অন্তৰ্ভূক্ত কৰিব লাগে ৷ ৰাতি কিচমিচ পানীত তিয়াই ৰাতিপুৱা সেই পানীখিনি খাব ৷ এনেদৰে খালে শৰীৰত তেজৰ অভাৱ দূৰ হয় ৷
আনহাতে, শৰীৰত শিৰাৰ অৱৰোধ থাকিলেও হাত আৰু ভৰি জঠৰ হ'বলৈ আৰম্ভ কৰে ৷ যদি এনে হয়, তেন্তে নহৰু আৰু আদা খাব ৷ ই শিৰাবোৰৰ আভ্যন্তৰীণ ভাগটো পৰিস্কাৰ কৰি ৰাখে ৷ গৰম পানী, গ্ৰীণ টি, তুলসী-ডালচেনি ইত্যাদি খাব ৷
যদি শীতকালত হাত-ভৰি বেছিকৈ জঠৰ হয় তেন্তে তলত দিয়া উপায়সমূহ অনুসৰণ কৰিব পাৰে-
তেল মালিচ
জঠৰতা আঁতৰ কৰাৰ বাবে মালিচ হৈছে সৰ্বশ্ৰেষ্ঠ উপায় ৷ ই ৰক্ত সঞ্চালন সঠিক কৰি ৰাখে ৷ ইয়াৰ বাবে আপুনি জলফাই, নাৰিকল, তিল বা সৰিয়হৰ তেল পাতলকৈ গৰম কৰি তাৰ পিছত হাত, ভৰি আৰু অত্যাৱশ্যকীয় অংশবোৰ ভালদৰে মালিচ কৰিব ৷
গৰম পানীৰ সেক
ৰক্ত সঞ্চালন সংশোধন তথা সঠিক কৰিবলৈ গৰম পানীৰ সেক খুবেই কাৰ্যকৰী ৷ হাত-ভৰি জঠৰ লাগিলে আপুনি গৰম পানীৰ বেগ বা বটলৰে সেক দিব ৷