চকুৰ গুৰিত ক’লা দাগ পৰাৰ মূল কাৰণ কি ? বৰ্তমান সময়ছোৱাত প্ৰতিগৰাকী লোকেই ব্যস্ত ৷ ব্যস্ততাময় জীৱনৰ বাবেই বহুক্ষেত্ৰত মানসিক চাপত থকাও দেখা যায় ৷ যাৰ বাবে বৰ্তমান সময়ত প্ৰায় ভাগ লোকৰে টোপনিৰ সমস্যাত বা টোপনিৰ অভাৱ হোৱা দেখা যায় ৷ খোৱা-বোৱাৰ অভাৱ আৰু টোপনিৰ সমস্যাৰ বাবে বহুতৰে চকুৰ গুৰিত ক’লা দাগ পৰা দেখা যায় ৷ চকুৰ গুৰিত পৰা ক’লা দাগ নাইকীয়া কৰিবলৈ আমি প্ৰত্যেকেই নিজৰ নিজৰ যতন লোৱা উচিত ৷
চকুৰ গুৰিৰ ক’লা দাগ নাইকীয়া কৰিবলৈ কি কৰিব লাগে ?
১) চকুৰ গুৰিৰ ক’লা দাগ নাইকীয়া কৰিবলৈ প্ৰতিগৰাকী লোকেই নিজৰ যতন ল'ব লাগে ৷
২) দৈনিক ১০ ৰ পৰা ১২ গিলাচ পানী খাব লাগে ৷
৩)সতেজ সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল নিয়মীয়া ভাৱে খোৱা ফলত যি পৰিপুষ্টি লাভ কৰা যায় তাৰ ফলত শৰীৰটো সুন্দৰ হৈ থকাৰ লগতেই চকুৰ গুৰিৰ কলা দাগ পৰাও কমে ৷
চকুৰ গুৰিৰ ক’লা দাগ নোহোৱা কৰাৰ ঘৰুৱা যতন
যি সকলৰ চকুৰ গুৰিত ক’লা দাগ আছে তেওঁলোকে ঘৰুৱা ভাৱে যতন লৈও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ ইয়াৰ বাবে আপোনালোকক লাগিব কেঁচা গাখীৰ, গাখীৰত লেক্টিক এচিড থাকে সেয়া চকুৰ গুৰিত কেঁচা গাখীৰ লগালে চকুৰ গুৰিৰ দাগ নোহোৱা হোৱাত সহায় হয় ৷
দুটুকুৰা কপাহ, গোলকৈ কাটি, চাৰি চামুচ মান গাখীৰত তিয়াই, অকমান ফ্ৰীজিং কৰি তাৰ পিছত চকুৰ পতাত ১০ মিনিট মান থৈ দিব লাগে ৷ এনেদৰে দৈনিক লগালে চকুৰ গুৰিত পৰা ক’লা দাগৰ সমস্যা কমাত সহায় কৰে ৷
এইবোৰৰ উপৰি প্ৰতিগৰাকী লোকেই দৈনিক ৮ ঘণ্টা টোপনি যোৱাটো স্বাস্থ্যৰ বাবে অতি জৰুৰী ৷ ৰাতি কেতিয়াবা শুব নোৱাৰিলেও দিনত হলেও শুব লাগে ৷ এনেদৰেই যতন ললে চকুৰ গুৰিৰ ক’লা দাগ পৰাৰ সমস্যা বহু পৰিমাণে কম হ’ব ৷
লগতে পঢ়ক:Walking Benefits: দিনে ৫০০০ খোজ কাঢ়ি হ্ৰাস কৰক মৃত্যুৰ আশংকা