অসম

assam

ETV Bharat / sukhibhava

কিহৰ বাবে দেখা দিব পাৰে ওঁঠৰ হাইপাৰপিগমেণ্টেচনৰ সমস্যা ?

আপুনি নিশ্চয়কৈ শুনিছে যে, যিসকল লোকে সঘনাই ধূমপান কৰে, তেনে লোকৰ ওঁঠ অৱশেষত ক’লা হৈ পৰে ৷ কিন্তু ধূমপান নকৰা লোকসকলৰো ওঁঠ ক’লা হ’ব পাৰে ৷ কিহৰ বাবে এনে হয় ? আহক চাও, এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় ?

What can cause hyperpigmentation of the lips?
ওঁঠৰ হাইপাৰপিগমেণ্টেচনৰ সমস্যা

By

Published : Apr 20, 2022, 8:54 AM IST

আমি ছাল আৰু চুলিৰ যতন লওঁ ঠিকেই ৷ কিন্তু পাহৰি যাওঁ শৰীৰৰ আন এক গুৰুত্বপূৰ্ণ অংগক ৷ সেয়া হৈছে ওঁঠৰ যতন লোৱাতো ৷ কোমল, গুলপীয়া ৰঙৰ এযুৰি ওঁঠ প্ৰত্যেকেই বিচাৰে ৷ কিন্তু কেতিয়াবা নিজৰ কিছুমান ভুলৰ বাবে ওঁঠজুৰি ক’লা হৈ পৰে ৷ যাক লিপ হাইপাৰপিগমেণ্টেচন বুলি কোৱা হয় ৷ ইন্দোৰৰ এগৰাকী সৌন্দৰ্য বিশেষজ্ঞা অলকা কাপুৰে ওঁঠৰ হাইপাৰপিগমেণ্টেচনৰ কিছুমান সাধাৰণ লক্ষণৰ বিষয়ে সদৰি কৰিছে, যিবোৰ হৈছে-

  • বহুসংখ্যক এনে মহিলা আছে, যিয়ে দৈনন্দিন লিপষ্টিক, কৃত্ৰিম ৰং মিহলি লিপ বাম ব্যৱহাৰ কৰে ৷ কিন্তু দিনটোৰ শেষত সেইসমূহ তেওঁলোকে আঁতৰাবলৈ এলাহ কৰে ৷ যদিহে এই সামগ্ৰীসমূহ দীৰ্ঘসময়ৰ বাবে ওঁঠৰ সংস্পৰ্শত থাকে, তেন্তে ইয়ে ছালক প্ৰভাৱিত কৰে ৷ যাৰ ফলত লাহে লাহে ওঁঠৰ বৰণ সলনি হ’বলৈ ধৰে ৷
  • একাংশ মহিলাৰ লিপষ্টিকৰ লগতে ওঁঠত ব্যৱহাৰ কৰিব পৰা অন্যান্য সামগ্ৰীৰ প্ৰতি এলাৰ্জী থকা দেখা যায় ৷ কিয়নো ওঁঠত ব্যৱহৃত সামগ্ৰীসমূহত বিভিন্ন মাত্ৰাত ৰাসায়নিক পদাৰ্থসমূহ মিহলি হৈ থাকে ৷ যি সকলো প্ৰকাৰৰ ছালৰ বাবে লাভজনক নহ’বও পাৰে ৷ যাৰ ফলত এলাৰ্জীৰ লগতে ওঁঠত হাইপাৰপিগমেণ্টেচনৰ সমস্যাই দেখা দিব পাৰে ৷
  • বহুসময়ত যত্নৰ অভাৱৰ বাবে ওঁঠত মৃত ছালসমূহ জমা হ’বলৈ ধৰে ৷ যাৰ ফলত ওঁঠবোৰ শুকান আৰু গাঢ় ৰঙৰ হ’বলৈ আৰম্ভ কৰে ৷
  • যেতিয়া মানুহৰ ওঁঠ শুকান আৰু ৰুক্ষ হৈ পৰে, তেতিয়া বাৰে বাৰে ওঁঠ চেলেকি থকাটো সাধাৰণ অভ্যাসত পৰিণত হয় ৷ বহুসংখ্যক লোকে ওঁঠত কামুৰি থকাও দেখা যায় ৷ যিয়ে ওঁঠৰ ছাল নষ্ট কৰিব পাৰে ৷
  • একে সময়তে শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেচন হোৱাৰ ফলত ওঁঠৰ ৰং সলনি হ'ব পাৰে । এই সমস্যাটো শীতকালত অধিক হোৱা দেখা যায় ।
  • কিছুমান আনুসংগিক ৰোগ আৰু ছাল সম্পৰ্কীয় সমস্যাৰ ফলতো ওঁঠৰ হাইপাৰপিগমেণ্টেচন হ'ব পাৰে । তদুপৰি ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এনে হোৱা দেখা যায় ৷
  • অৱশ্যে ধূমপানৰ ফলত কেৱল ওঁঠৰ হাইপাৰপিগমেণ্টেচন নহয়, আন বহুতো স্বাস্থ্যজনিত আৰু ছালৰ সমস্যাই দেখা দিব পাৰে ৷ নিয়মীয়াকৈ ধূমপান কৰাসকলৰ ওঁঠ ক’লা হৈ পৰাৰ সম্ভাৱনা থাকে ।

ওঁঠৰ হাইপাৰপিগমেণ্টেচন কেনেদৰে প্ৰতিৰোধ কৰিব? (How to avoid lip hyperpigmentation?)

সৌন্দৰ্য বিশেষজ্ঞা অলকাই এইক্ষেত্ৰত কয় যে, ওঁঠবোৰ গুলপীয়া আৰু কোমল কৰি ৰাখিবলৈ দৈনিক পৰিস্কাৰ কৰি ৰখাতো গুৰুত্বপূৰ্ণ ৷ ওঁঠৰ হাইপাৰপিগমেণ্টেচন প্ৰতিৰোধ কৰিবলৈ বিশেষজ্ঞাগৰাকীয়ে কেইটামান পৰামৰ্শ আগবঢ়াইছে-

  • শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিবলৈ দৈনিক প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক ৷
  • মইশ্বৰাইজাৰ ব্যৱহাৰ কৰি ওঁঠজুৰিৰ আৰ্দ্ৰতা বজাই ৰাখক ৷
  • ধূমপানৰ অভ্যাস পৰিহাৰ কৰক ৷
  • ওঁঠত ব্যৱহাৰ কৰা লিপষ্টিকৰ লগতে অন্যান্য সামগ্ৰীসমূহ উন্নত মানদণ্ডৰ হোৱা উচিত ৷
  • অত্যাধিক সুগন্ধিযুক্ত লিপবাম পৰিহাৰ কৰক ৷
  • ওঁঠজুৰি কামুৰি অথবা চেলেকি থকাৰ অভ্যাস পৰিহাৰ কৰক ৷
  • ঘী নাইবা বাদাম তেলৰ সহায়ত ওঁঠজুৰি মালিচ কৰিব ৷
  • ভিটামিন চি আৰু বি-12 সম্পন্ন খাদ্য গ্ৰহণ কৰক ৷

লগতে চাওক:গৰমৰ দিনত আপোনাৰ চুলিকোচা ভালে ৰখাৰ 7 টা টিপছ

ABOUT THE AUTHOR

...view details