মানুহৰ জীৱনৰ প্ৰথম প্ৰয়োজন হ’ল অক্সিজেন আৰু হাওঁফাওঁ অক্সিজেনৰ বাবে প্ৰথমখন প্ৰৱেশ দুৱাৰ ৷ যেতিয়া বায়ু হাওঁফাওঁত প্ৰৱেশ কৰে ৷ তেতিয়া ই বাকী সকলো গেছ বাহিৰ কৰি দিয়ে আৰু কেৱল অক্সিজেনহে সোমাবলৈ দিয়ে ৷
এই অক্সিজেন হাওঁফাওঁৰ বেৰত থকা অসংখ্য ৰক্তবাহী নলীবোৰে চুহি শৰীৰৰ প্ৰতিটো অংশলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ লগতে হাওঁফাওঁৰ আটাইতকৈ ডাঙৰ কাম হ’ল ৰোগ বিয়পোৱা অণুজীৱৰ আক্ৰমণৰ পৰা নিজৰ শৰীৰক ৰক্ষা কৰা ৷
হাওঁফাওঁয়ে শৰীৰৰ pHৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে৷ ইয়াৰ পৰা বুজিব পাৰি যে আমাৰ শৰীৰত হাওঁফাওঁ কিমান গুৰুত্বপূৰ্ণ ৷ ঠাণ্ডাই হাওঁফাওঁৰ ওপৰতো যথেষ্ট চাপ পেলায় ৷
সাধাৰণতে, এই মাহত কাৰোবাৰ কাহ বা চৰ্দি হ’লে মানুহেভাৱে যে ই এটা সৰু সমস্যা কিন্তু যদি ই বহুদিনলৈ আপোনাৰ শৰীৰত সমস্যাৰ সৃষ্টি কৰিছে তেন্তে ইয়াক সহজভাৱে লোৱাটো উচিত নহয় ৷ কাৰণ এই লক্ষণবোৰ হাওঁফাওঁৰ দুৰ্বলতা বা ক্ষতিৰ লক্ষণো হ’ব পাৰে ৷ যদি আপোনাৰ হাওঁফাওঁ দুৰ্বল হৈছে বা ইয়াৰ কোনো ক্ষতি হৈছে তেন্তে কেনেকৈ ধৰা পেলাব এই লক্ষণসমূহৰ জৰিয়তে জানি লওক-
হাওঁফাওঁৰ ক্ষতিৰ লক্ষণ
১) ক্ৰণিক কফ-আমেৰিকান হাওঁফাওঁ সংস্থাৰ (American Lung Association)মতে, যদি আপুনি অবিৰতভাৱে বুকুত গধুৰতা অনুভৱ কৰে আৰু ৮ সপ্তাহলৈকে বন্ধ নহয় তেন্তে ইয়াক ক্ৰণিক কফ বা দীৰ্ঘদিনীয়া কাহ বুলি কোৱা হয়৷ ক্ৰণিক কফ হাওঁফাওঁৰ ক্ষতি বা দুৰ্বলতাৰ প্ৰথম লক্ষণ হ’ব পাৰে ৷ ইয়াক আওকাণ কৰাটো উচিত নহয় আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷