অসম

assam

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 5:41 PM IST

ETV Bharat / sukhibhava

Benefits of Lady Finger: ওজন হ্ৰাস কৰাৰ পৰা হজম শক্তি উন্নত কৰালৈকে উপকাৰী ভেন্দি

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ সেউজীয়া শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াত থকা বহুতো গুণে বিভিন্ন সমস্যাৰ পৰা সকাহ দিয়াত ফলপ্ৰসূ ৷ ইয়াক আপোনাৰ খাদ্যৰ অংশ কৰি ল’লে ওজন কমি যোৱা, হজম শক্তি উন্নত হোৱা ইত্যাদি বহুতো উপকাৰ পোৱা যায় ৷ ভেন্দি খোৱাৰ আন উপকাৰিতাৰ বিষয়ে জানি লওক-

Nutritional and health benefits of lady finger
ওজন হ্ৰাস কৰাৰ পৰা হজম শক্তি উন্নত কৰালৈকে উপকাৰী ভেন্দি

সুস্থ হৈ থাকিবলৈ মানুহে প্ৰায়ে স্বাস্থ্যসন্মত খাদ্যক খাদ্যৰ অংশ হিচাপে লয় ৷ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য সামগ্ৰীয়ে আপোনাক বহু সমস্যাৰ পৰা ৰক্ষা কৰে ৷ আজিকালি বহু কাৰণত মানুহ বিভিন্ন ৰোগ আৰু সমস্যাৰ চিকাৰ হৈ পৰিছে ৷ এনে পৰিস্থিতিত স্বাস্থ্যসন্মত খাদ্যই আপোনাক সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ সেউজীয়া শাক-পাচলি সদায় আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হৈ আহিছে ৷ এই কাৰণেই চিকিৎসকে নিজেও মানুহক সেউজীয়া শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়ে ৷

ভেন্দি এনে এটা শাক, যিটোও বহুতৰে প্ৰিয় ৷ ইয়াক ভীমকল বুলিও জনা যায় ৷ কিন্তু ইয়াৰ পৰা নিৰ্গত হোৱা আঠাযুক্ত পদাৰ্থৰ বাবে বহুতে ইয়াক খাবলৈ ভাল নাপায় ৷ যদি আপুনিও সেই লোকসকলৰ মাজৰ এজন, তেন্তে আজি আমি ইয়াৰ আচৰিত উপকাৰৰ বিষয়ে ক’ম-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

আজিকালি দেশজুৰি অনেক ৰোগ আৰু সংক্ৰমণে ধাৰাবাহিকভাৱে মানুহক নিজৰ কৱলত পেলাই আহিছে ৷ সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা লোক এই ৰোগসমূহত সহজে ভুগিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে তেন্তে ভেন্দি ইয়াৰ বাবে এক উত্তম বিকল্প ৷ ভেন্দিত থকা পুষ্টিকৰ উপাদানসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ফলপ্ৰসূ ৷

ডায়েবেটিছৰ বাবে উপকাৰী

যদি আপুনি বা আপোনাৰ ওচৰ-চুবুৰীয়া কোনোবাই ডায়েবেটিছত আক্ৰান্ত, তেন্তে ভেন্দি আপোনাৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয় ৷ ভেন্দিত থকা ইউজেনল ডায়েবেটিছৰ সমস্যাত অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াৰ নিয়মীয়া সেৱনৰ দ্বাৰাও ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে ৷

ওজন কমাবলৈ ফলপ্ৰসূ

এই দুটা পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বহুলোকে মেদবহুলতাত ভুগিবলৈ আৰম্ভ কৰিছে ৷ এনে পৰিস্থিতিত ওজন কমাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে ভেন্দি এক উত্তম বিকল্প ৷ ইয়াত উপস্থিত মেদবহুলতা প্ৰতিৰোধী গুণে মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে ৷

চকুৰ বাবে উপকাৰী

আজিকালি টিভি, মোবাইল, লেপটপৰ স্ক্ৰীণৰ সন্মুখত অবিৰত সময় কটোৱাৰ বাবে প্ৰায়ে মানুহ চকুৰ লগত জড়িত সমস্যাৰ বলি হৈ পৰে ৷ এনে পৰিস্থিতিত যদি আপুনিও আপোনাৰ দুৰ্বল হৈ পৰা চকু দুটা শক্তিশালী কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে ভেন্দিক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ ইয়াত থকা বিটা কেৰটিনে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে ৷

হজম শক্তি উন্নত কৰা

যদি আপুনিও সেইসকল লোকৰ মাজৰ এজন যিয়ে প্ৰায়ে পাচনতন্ত্ৰৰ সমস্যাত ভুগি থাকে, তেন্তে ভেন্দি আপোনাৰ বাবে ইয়াৰ পৰা সকাহ পোৱাৰ এক উত্তম উপায় ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে হজম শক্তি উন্নত কৰাই নহয় কোষ্ঠকাঠিন্য আদিৰ পৰাও সকাহ দিয়ে ৷

লগতে পঢ়ক:Curd Benefits: দৈ খোৱাৰ আছে এইসমূহ উপকাৰিতা ? জানিলে হৈ পৰিব আচৰিত

ABOUT THE AUTHOR

...view details