ৰাতিপুৱাৰ ৰ’দে বহু ৰোগৰ আশংকা হ্ৰাস কৰে ৷ শীতকালত বহু লোকেই ৰ’দ লয় যদিও গ্ৰীষ্মকালত ৰ’দ লোৱাৰ পৰা সকলো বিৰত থাকে ৷ কিন্তু ৰ’দ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ? আপুনি যদি দিনটোৰ মাত্ৰ ২০ মিনিট সময় ৰ’দ লয়, ই আপোনাক বহু গুৰুতৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰে ৷ ৰ’দ লোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-
কেতিয়া ৰ’দ ল’ব লাগে ?
ৰাতিপুৱা ৮ বজাৰ আগৰ সময়খিনি ৰ’দ লোৱাৰ বাবে সঠিক সময় ৷এই সময়ছোৱাত ওলোৱা ৰ’দ শৰীৰৰ বাবে অতি উপকাৰী ৷ কিয়নো এই সময়খিনিত পৰিৱেশত প্ৰদূষণ কম হয়, যাৰ ফলত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ আপোনাৰ শৰীৰত পৰিব পাৰে ৷
ৰ’দ লোৱাৰ লাভালাভ-
শৰীৰে ভিটামিন-ডি লাভ কৰে
ৰাতিপুৱা ৰ’দ ল’লে শৰীৰে ভিটামিন-ডি লাভ কৰে ৷ৰ’দ নোলোৱাৰ বাবে ভাৰতীয় লোকসকলৰ প্ৰায়ে ভিটামিন-ডিৰ অভাৱ হয়, যাৰ ফলত ভাইৰেল ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয় ৷ এনে পৰিস্থিতিত, সংক্ৰমণ পৰিহাৰ কৰিবলৈ তথা হাড় আৰু দাঁত শক্তিশালী কৰিবলৈ আপুনি দৈনিক ৰ’দ লোৱাটো খুবেই জৰুৰী ৷
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়
যদি আপোনাৰ ৰক্তচাপ বৃদ্ধি হয়, তেনেহ'লে ছানবাথ অৰ্থাৎ ৰ’দত গা ধোৱাটো আপোনাৰ বাবে অতি উপকাৰী ৷ ছানবাথ গ্ৰহণ কৰিলে ছালৰ ওপৰৰ স্তৰত থকা নাইট্ৰিক অক্সাইড ট্ৰিগাৰ হয়, যি আপোনাৰ ৰক্তনলী বৃদ্ধি কৰি সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে ৷ দৈনিক সূৰ্যৰ পোহৰে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
হতাশা দূৰ হয়
ৰ’দ ল'লে আপোনাৰ হতাশাও আঁতৰ হ'ব ৷ সূৰ্যৰ পোহৰ গ্ৰহণ কৰি শৰীৰে চেৰোটনিন নামৰ এক হৰমন প্ৰস্তুত কৰে, যিয়ে আপোনাৰ শৰীৰত ভাল হৰমন প্ৰস্তুত কৰি হতাশা দূৰ কৰাত সহায় কৰে ৷