আয়ুৰ্বেদিক ঔষধৰ প্ৰতি মানুহৰ আস্থা পুনৰ বাঢ়িছে ৷ এলোপেথিক ঔষধৰ তুলনাত ইয়াৰ পাৰ্শ্বক্ৰিয়া কম আৰু ই শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে ৷ তেনে এক আয়ুৰ্বেদিক ঔষধ হ’ল থেকেৰা টেঙা ৷ ইয়াক অসমৰ ভিন্ন প্ৰান্তত চৰবত, খাদ্য ৰন্ধাৰ সময়ত ব্যৱহাৰ কৰা হয় ৷ গৰমৰ দিনত থেকেৰা টেঙাৰ চৰবতে শৰীৰক শীতল কৰাত যথেষ্ট সহায় কৰে ৷ এই ফলবিধ খাবলৈ টেঙা তথা সোৱাযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষেও অতি উপকাৰী ৷
কিন্তু ইয়াক সেৱন কৰা হয় যদিও ইয়াৰ উপকাৰিতাৰ বিষয়ে বহু কম সংখ্যক লোকহে জ্ঞাত ৷ সেয়ে আজি এই প্ৰতিবেদনত আমি আপোনালোকক থেকেৰা টেঙাৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিছো ৷
থেকেৰা টেঙাৰ উপকাৰিতা
এই ফলবিধে আমাক সুস্থ কৰি ৰখাত যথেষ্ট সহায় কৰে ৷ একে সময়তে তলত উল্লেখ কৰা সমস্যাসমূহৰ সন্মুখীন হ’লে গাৰ্চিনিয়া কেম্ব’জিয়াৰ ব্যৱহাৰ কিছু পৰিমাণে উপকাৰী হ’ব পাৰে ৷ লগতে আপোনালোকক জনাওঁ যে এই ফল কোনো ৰোগৰ চিকিৎসাৰ বিকল্প নহয় ৷
১/ ওজন কমোৱাত সহায়ক
ওজন হ্ৰাসৰ বাবে চাপ্লিমেন্ট আৰু পাউদাৰ গ্ৰহণ কৰাতকৈ ভাল, থেকেৰা টেঙা আপোনাৰ স্বাস্থ্যৰ বাবে অধিক লাভদায়ক ৷ ইয়াত থকা হাইড্ৰক্সিচাইট্ৰিক এচিডে ওজন হ্ৰাস কৰাৰ কাম কৰে ৷ এই বিশেষ উপাদানটোক ওজন কমোৱাৰ বাবে ফলপ্ৰসূ বুলি গণ্য কৰা হয় ৷ কোৱা হয় যে, এই এচিডে শৰীৰৰ এবিধ এনজাইম (এডিন’চিন ট্ৰাইফছফেট-চাইট্ৰেট লাইজ)ক বাধা দি ফেটি এচিড বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে ৷ ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে ৷ ই কেৱল হ্ৰস্বম্যাদী ওজন কমাবলৈহে সহায়ক কৰিব পাৰে, কিন্তু এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন ৷