পিয়াঁজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ খাদ্য সামগ্ৰী হিচাপে পিয়াঁজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ, চছ বা চাটনিত সক্ৰিয় উপাদান হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ বহুতেই আকৌ পিয়াঁজ কেঁচাকৈ খাইহে বেছি ভাল পায় ৷ অতীজৰে পৰা পিয়াঁজ বহু ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে ৷ পিয়াঁজ, বিশেষকৈ কেঁচা পিয়াঁজৰ প্ৰদাহ-প্ৰতিৰোধী, বেক্টেৰিয়া-ৰোধী, কৰ্কট ৰোধী, এণ্টিঅক্সিডেণ্ট আৰু এণ্টিথ্ৰোম্বোটিক গুণাগুণ থাকে ৷ আজি কেঁচা পিয়াঁজৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-
১) কেঁচা পিয়াঁজ খালে আমাৰ চকুৰ স্বাস্থ্য উন্নত হয় ৷ কিয়নো ই গ্লুটাথিয়ন উৎপাদন তৈয়াৰ কৰে ৷ ই এনে এক প্ৰকাৰৰ প্ৰ'টিন, যি মেকুলাৰ ডিজেনাৰেচন, ছানি আৰু গ্লুকোমা হোৱাৰ আশংকা হ্ৰাস কৰে ৷
২) কেঁচা পিয়াঁজত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে ৷ সেয়েহে ইয়াক পোক-পতংগৰ কামোৰৰ ফলত হোৱা খজুৱতি আৰু ফুলা প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি ৷
৩) কেঁচা পিয়াঁজৰ এণ্টিমাইক্ৰোবাইল, এণ্টিবেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণৰ বাবে ছালৰ বাবে কেইবাটাও লাভালাভ আছে ৷ কেঁচা পিয়াঁজে শালমইনা, মুখৰ ডাঠ দাগ আঁতৰ কৰি ছালখনক উজ্জ্বল কৰি তোলে ৷ তদুপৰি ই বাৰ্ধক্যৰ প্ৰাৰম্ভিক লক্ষণৰ সৈতে যুঁজ দিব পাৰে আৰু ছালৰ চিকিৎসা কৰিব পাৰে ৷
৪) কেঁচা পিয়াঁজক খাদ্যৰ বিষক্ৰিয়া, পেটৰ বিষ, আৰু কোষ্ঠকাঠিন্যৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰা হয় ৷
৫) কেঁচা পিয়াঁজত এণ্টিঅক্সিডেণ্টো থাকে, যিয়ে ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আৰু আমাৰ শৰীৰৰ পৰা মুক্ত ৰেডিকেল বাহিৰ কৰিব পাৰে ৷