শীতকালীন বতৰে লাহে লাহে টোকৰ মাৰিবলৈ আৰম্ভ কৰিছে ৷ আনহাতে শীতকাল পৰাৰ লগে লগে বিভিন্ন ৰোগেও এই বতৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে ৷ ঠাণ্ডা বতৰত মানুহে প্ৰায়ে গৰমৰ তুলনাত কমকৈ পানী খায়, যাৰ বাবে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা হ’বলৈ আৰম্ভ কৰে ৷
এনে পৰিস্থিতিত ই বহু ৰোগৰ কাৰণ হৈ পৰে ৷ বতৰ যিয়েই নহওক কিয় আমাৰ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ ৷ পানীয়ে আমাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰোৱাৰো কাম কৰে ৷ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী নাপালে বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে ৷ পানীৰ অভাৱত হ’ব পৰা এই ৰোগসমূহনো কি বিতংভাৱে জানো আহক-
বৃক্ক প্ৰভাৱিত কৰে-
আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে কম পানী খালে কিডনীত পাথৰ হ’ব পাৰে আৰু এই কথা সঁচা ৷ বৃক্কই সঠিকভাৱে কাম কৰিবলৈ পানীৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত যদি পৰ্যাপ্ত পানী নাথাকে তেন্তে বৃক্কই সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয় আৰু ইয়াৰ ফলত প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ বা বিৰক্তিৰ সৃষ্টি হ’ব পাৰে ৷
কোষ্ঠকাঠিন্যৰ সমস্যা-
পানী কমকৈ খালে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে ৷ আচলতে আমি যেতিয়া পানী কমকৈ খাওঁ তেতিয়া ই আমাৰ পেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা হ’বলৈ আৰম্ভ হয় ৷
মূৰৰ বিষৰ সমস্যা-
আপুনি হয়তো জানি আচৰিত হ’ব যে কমকৈ পানী খালে মূৰৰ বিষ হ’ব পাৰে, কিন্তু সেয়া একেবাৰে সঁচা ৷ আচলতে আমি কমকৈ পানী খালে আমাৰ শৰীৰৰ হাইড্ৰজেনৰ মাত্ৰা কমি যায় আৰু ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি হয় ৷