বৰ্তমানৰ আধুনিক যুগত মোবাইল অবিহনে যেন মানুহে নিজৰ জীৱনটোৱে কল্পনাই কৰিব নোৱাৰে ৷ কেৱল যুৱক-যুৱতীয়েই নহয়, যিকোনো বয়সৰ লোকৰ মোবাইল প্ৰতি আসক্তি থকা দেখা পোৱা যায় ৷ সৰুৰ পৰা ডাঙৰলৈ, ডেকাৰ পৰা বুঢ়ালৈ যিকোনো বয়সৰ লোক ব্যস্ত থাকে ছ’চিয়েল মিডিয়াত (Cell phone radiation effects on human body)। কিন্তু আজি আলোচনা কৰিম, মোবাইল ফোনটো ব্যৱহাৰ কৰাৰ পিচত কিমান দূৰত ৰাখিব লাগে ৷
আপুনিও জিন্সৰ পকেটত ৰাখে নেকি মোবাইল ফোন ? যদি ৰাখে তেনেহ’লে সাৱধান ৷ কিয়নো জিন্সৰ পকেটত মোবাইল ৰাখিলে আমাৰ শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে । কেনেধৰণৰ ক্ষতি হ’ব জানো আহক।
জিন্স বা ট্ৰাউজাৰৰ পকেটত মোবাইল ৰাখিলে প্ৰজনন ক্ষমতাৰ হাৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে বুলি বহু গৱেষণাত প্ৰকাশ পাইছে (Effect of mobile phone on human health) । সেইবাবেই বেছিভাগ মানুহেই মোবাইল ফোনটো পিছফালৰ পকেটত বা চাৰ্টৰ পেকেটত ৰাখিব লাগে বুলি পৰামৰ্শ দিয়ে ।
কেন্সাৰৰ আশংকা
স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি কোনো ব্যক্তিয়ে পকেটত মোবাইল , তেন্তে সেয়া তাঁৰবিহীন নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকে (Keeping phone in jeans pocket)। ইয়াৰ বাবে শৰীৰে ১০ গুণ বিকিৰণ সহ্য কৰিবলগীয়া হয় । এই বিকিৰণকো কৰ্কট ৰোগৰ বিশেষ কাৰণ হিচাবে গণ্য কৰা হৈছে । উল্লেখ্য যে ৰেডিয়চনেও আপোনাৰ ডি এন এৰ গঠন সলনি কৰিব পাৰে । সন্তান জন্ম দিব নোৱাৰাৰ আশংকাও অতিমাত্ৰা বৃদ্ধি পায় । হাড়বোৰো দুৰ্বল হৈ পৰে (Cell phones dangerous to your health) ।