গুৱাহাটী, 2 নৱেম্বৰ: নাকৰ পৰা ৰক্তক্ষৰণ যিকোনো বয়সৰ, যিকোনো লোকৰে হ'ব পাৰে ৷ শিশুৰ পৰা বৃদ্ধলোকজনলৈ সকলোৰে হ'ব পাৰে ৷ কেতিয়াবা এই ৰক্তক্ষৰণৰ পৰিমাণ বেছি আৰু কেতিয়াবা কমো হ'ব পাৰে ৷ এটোপাল- দুটোপাল তেজ ওলালে সাধাৰণতে চিন্তাৰ কোনো কাৰণ নাথাকে, কিন্তু ৰক্তক্ষৰণৰ পৰিমান বেছি হ’লে ৰোগী গৰাকী ভয়ো খাব পাৰে ৷ সেয়েহে নাকৰ ৰক্তক্ষৰণক অৱহেলা কৰিব নালাগে ৷ ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷
নাকৰ পৰা ৰক্তক্ষৰণ হ’লে বহুতে নাকৰ সন্মুখৰ পৰা ওলোৱা তেজ বুলি ভাৱে, কিন্তু নাকৰ ৰক্তক্ষৰণ কেতিয়াবা ভিতৰৰ অংশৰ পৰাও হ'ব পাৰে ৷ নাকৰ ভিতৰৰ পৰা ওলোৱা তেজ খাদ্যনলীলৈও যাব পাৰে ৷ সেয়ে নাকৰ পৰা তেজ ওলালে কেতিয়াও আওকাণ নকৰি অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
নাকৰ ৰক্তক্ষৰণৰ লগতেই বহুকেইটা ৰোগ জড়িত হৈ আছে ৷ অন্য বহুৰোগৰ কাৰণেও কেতিয়াবা কিছুৰোগীৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷ উদাহৰণ স্বৰূপে-
- কেতিয়াবা কোনো ৰোগীৰ উচ্চ ৰক্তচাপৰ বাবেও নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷
- কোনো ৰোগী কিডনিৰ বা লিভাৰ আদি ৰোগত আক্ৰান্ত হৈ থাকিলেও তেওঁলোকৰ নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷
- ভিটামিন Kৰ বাবেও নাকৰ পৰা ৰক্তক্ষৰণ হ'ব পাৰে ৷
- শিশুসকলে নাকৰ ভিতৰত আঙুলি ভৰাই দিলেও নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷
- এনেদৰে বহু কাৰণতেই নাকৰ ৰক্তক্ষৰণ হ'ব পাৰে ৷