অসম

assam

Benefits of drinking turmeric juice: বহু ৰোগৰ ঔষধ হালধিৰ ৰস, প্ৰতিদিনে ইয়াক গ্ৰহণ কৰাৰ উপকাৰিতা জানি লওক

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:28 PM IST

হালধি ঔষধি গুণাগুণেৰে সমৃদ্ধ । ইয়াত থকা গুণে আপোনাক বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে । যদি আপুনি প্ৰতিদিনে হালধি ৰসৰ দ্বাৰা দিনটোৰ আৰম্ভণি কৰে, তেন্তে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা উপশম পাব পাৰে । হালধিৰ ৰসে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰে । ছালৰ বাবেও ই উপকাৰী । তেন্তে আহক আমি হালধি ৰসৰ অন্য উপকাৰিতা সমূহৰ বিষয়ে জানি লও ।

What are the benefits of drinking turmeric water daily?
বহু ৰোগৰ ঔষধ হালধিৰ ৰস, প্ৰতিদিনে ইয়াক গ্ৰহণ কৰাৰ উপকাৰিতা জানি লওক

ঔষধি গুণেৰে সমৃদ্ধ হালধিয়ে খাদ্যৰ ৰং আৰু সোৱাদ দুয়োটাই বৃদ্ধি কৰে ৷ হালধিৰ ব্যৱহাৰ কেৱল খাদ্যৰ মাজতে সীমাৱদ্ধ নহয় ৷ ই স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰ কৰে ৷ আয়ুৰ্বেদত হালধি ব্যৱহাৰ কৰি বনৌষধি তৈয়াৰ কৰা হয় ৷ হালধিত আইৰন, কপাৰ, প্ৰ’টিন, ফাইবাৰ, ভিটামিন চি, ভিটামিন ই আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ এনে পৰিস্থিতিত দৈনিক খালী পেটত কেঁচা হালধিৰ ৰস পানী বা গাখীৰত মিহলাই খালে শৰীৰৰ বহু সমস্যাৰ পৰা সকাহ পাব পাৰি ৷ যদি আপোনাৰ সৈতে কেঁচা হালধি নাই তেন্তে শুকান হালধিৰ গুড়িও আপুনি পানী বা গাখীৰৰ সৈতে মিহলাই গ্ৰহণ কৰিব পাৰে ৷ তেন্তে আহক আমি হালধি ৰস খোৱাৰ অন্য উপকাৰিতা সমূহৰ বিষয়ে জানি লও ৷

হালধি ৰস খোৱাৰ উপকাৰিতা

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে

হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায় ৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ যাৰ বাবে আপুনি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ পৰা হাত সাৰিব পাৰে ৷ ইয়াৰ বাবে দৈনিক হালধিৰ ৰস খাব লাগে ৷

হজম শক্তি সুস্থ হৈ থাকে

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ হালধি হজম শক্তিৰ বাবেও অতি উপকাৰী ৷ ইয়াত থকা এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণে হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ হালধিৰ ৰস খালে পেটৰ সৈতে জড়িত সমস্যা কম হয় ৷

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী

হৃদযন্ত্ৰত কাৰকুমিন পোৱা যায়, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে ৷ হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে যিয়ে হৃদৰোগ হ্ৰাস কৰাত সহায় কৰে ৷ নিয়মিতভাৱে হালধিৰ ৰস খালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ৷

ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে

ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে হালধিৰ ৰস ঔষধ ৷ ই ৰক্তশৰ্কৰাৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে ৷ ইয়াত থকা কাৰকুমিনে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে ৷

ছালৰ বাবে উপকাৰী

ছালৰ উন্নতিৰ বাবে যুগ যুগ ধৰি হালধি ব্যৱহাৰ কৰি আহিছে ৷ ইয়াত উপস্থিত এন্টিঅক্সিডেন্ট গুণে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে ৷ হালধিৰ ৰস খালে ছালখন চিকচিকিয়া আৰু সুস্থ হৈ থাকে ৷

লগতে পঢ়ক:Yoga Asanas For Acidity: পেটৰ গেছ তথা এচিডিটি আঁতৰোৱাত ফলপ্ৰসূ এইসমূহ যোগাসন

ABOUT THE AUTHOR

...view details