অসম

assam

ETV Bharat / sukhibhava

Oats: আপুনি ওটচ খাই ভাল নাপায় নেকি ? তেন্তে পঢ়ক এই প্ৰতিবেদন - ওটচৰ স্বাস্থ্য উপকাৰীতা

এনে বহুতো পুষ্টিকৰ উপাদান ওটচত পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, এই পুষ্টিকৰ খাদ্যবিধ দৈনিক খোৱাৰ কাৰণ কি জানি লওক ৷

What are the benefits of beta-glucan in oats?
আপুনি ওটচ খাই ভাল নাপায় নেকি ? তেন্তে পঢ়ক এই প্ৰতিবেদন

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 6:21 PM IST

ওটচক খাদ্যৰ তালিকাত আটাইতকৈ স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হৈছে কাৰণ ইয়াত পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়, আৰু ইয়াক খালে সুস্বাস্থ্য বজাই ৰখাটো সহজ হৈ পৰে । আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে ডায়েটিচিয়ানসকলে ব্ৰেকফাষ্টৰ সময়ত ওটচ খাবলৈ পৰামৰ্শ দিয়ে । বহু সময়ত আমি অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’লেও এই খাদ্যই পৰিবেশন কৰা হয় । আপুনি কেতিয়াবা ভাবিছেনে যে ওটছক কিয় ইমান উপকাৰী বুলি গণ্য কৰা হয়, যদি নাজানে তেন্তে ইয়াৰ গুৰুত্ব সম্পৰ্কে জানি লওক-

ওটচ খোৱাৰ উপকাৰিতা

১/ পুষ্টিকৰ পদাৰ্থৰ সম্পদ

অটচত প্ৰচুৰ পৰিমাণে আঁহ, প্ৰ’টিন, ভিটামিন, খনিজ পদাৰ্থ থাকে, যিবোৰ আমাৰ শাৰীৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

২/ ওজন নিয়ন্ত্ৰণ

অটছ হৈছে কম কেলৰিযুক্ত খাদ্য, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এইটোৱেই এক নিখুঁত খাদ্য

৩/ ডায়েবেটিছ নিয়ন্ত্ৰণ

অটচত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ।

৪/ হৃদযন্ত্ৰৰ বাবে উপকাৰী

ওটচত থকা বিটা-গ্লুকেনে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু তাৰ ফলত হাৰ্ট এটেকৰ দৰে ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।

৫/ বিষমুক্তকৰণ

অটছে শৰীৰক বিষাক্ত পদাৰ্থৰ পৰা মুক্ত কৰাত সহায় কৰিব পাৰে, যাৰ ফলত সমগ্ৰ শৰীৰ পৰিষ্কাৰ আৰু সুস্থ হৈ পৰে ।

৬/ শক্তি পাব

ওটছৰ দৰে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পায়, যাতে আপুনি দৈনন্দিন জীৱনৰ স্বাভাৱিক কামবোৰ সহজে কৰিব পাৰিব ।

৭/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

অটচত থকা ভিটামিন আৰু খনিজ পদাৰ্থই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে, যিয়ে আপোনাৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ।

৮/ সুস্থ ছাল

অটছত পোৱা এন্টি অক্সিডেণ্টে ছালখনক সুস্থ আৰু গ্লোয়িং কৰি তোলাত সহায় কৰিব পাৰে ।

৯/ চুলিৰ বাবে উপকাৰী

ওটচত থকা ভিটামিনে চুলিক মজবুত আৰু চিকচিকিয়া কৰাত সহায় কৰিব পাৰে ।

লগতে পঢ়ক:Benefits of Lady Finger: ওজন হ্ৰাস কৰাৰ পৰা হজম শক্তি উন্নত কৰালৈকে উপকাৰী ভেন্দি

ABOUT THE AUTHOR

...view details