অসম

assam

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:46 PM IST

ETV Bharat / sukhibhava

Nutritious Foods For Babies: শিশুৰ বাবে অতি পুষ্টিকৰ এইসমূহ খাদ্য, আপুনিও জানি লওঁক

বিশেষজ্ঞসকলেও শিশুক ছয় মাহলৈ কেৱল মাতৃৰ গাখীৰ খুওৱাৰ পৰামৰ্শ দিয়ে ৷ ছয় মাহৰ পিছত শিশুটোক সহজে হজম কৰিব পৰা খাদ্য দিয়া উচিত ৷ সুস্বাস্থ্য বজাই ৰখাৰ বাবে তেওঁলোকক ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ খাদ্য খাবলৈ দিয়াটোও খুবেই দৰকাৰী ৷ সেয়ে তলত উল্লেখিত এই খাদ্যসমূহ আপুনি আপোনাৰ শিশুটিক খাবলৈ দিব পাৰে ৷

What are nutritious foods for babies?
শিশুৰ বাবে অতি পুষ্টিকৰ এইসমূহ খাদ্য, আপুনিও জানি লওঁক

নৱজাতকৰ বাবে মাতৃৰ গাখীৰেই হৈছে আটাইতকৈ উত্তম খাদ্য ৷ শিশুটোৰ সুস্থ বিকাশ আৰু শৰীৰে লাগতিয়াল পুষ্টি লাভৰ বাবে মাতৃৰ গাখীৰ অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ সেয়েহে বিশেষজ্ঞসকলেও শিশুক ছয় মাহলৈ কেৱল মাতৃৰ গাখীৰ খুওৱাৰ পৰামৰ্শ দিয়ে ৷ ছয় মাহৰ পিছত শিশুটোক সহজে হজম কৰিব পৰা খাদ্য দিয়া উচিত ৷ ইয়াৰ লগতে সুস্বাস্থ্য বজাই ৰখাৰ বাবে তেওঁলোকক ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ খাদ্য খাবলৈ দিয়াটোও খুবেই দৰকাৰী ৷ বিশেষকৈ যদি প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হৈছে, তেনেহ’লে আপুনি ছয়মহীয়া শিশুটিক কি খাদ্য খুৱাব সেয়া ভালদৰে জনা উচিত ৷ আজি এই বিষয়ে জানো আহক-

আপেল পিউৰী

শিশুটিৰ বয়স ছয়মাহ হোৱাৰ পাছত আপুনি তেওঁলোকক আপেল পিউৰী খুৱাব পাৰে ৷ আপেল পিউৰী খনিজ আৰু পুষ্টিৰে সমৃদ্ধ ৷ সেয়েহে আপুনি ইয়াক শিশুটিৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে ৷ এই পিউৰীৰ বাবে এটা আপেলৰ বাকলি গুচাই সৰু টুকুৰা কৰি ভাপত অলপ সিজাই ল'ব ৷ ইয়াৰ পাছত ভালদৰে পিটিকি শিশুটিক খুৱাবলৈ যত্ন কৰিব ৷

ব্ৰকলী পিউৰী

ব্ৰকলী বহু পুষ্টিৰে সমৃদ্ধ ৷ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ থাকে ৷ সেয়েহে ই শিশুৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী ৷ এটা ব্ৰকলী সৰু সৰকৈ কাটি জোখমতে নিমখ আৰু হালধি দি ভাজি ল'ব ৷ তাৰ পাছত ভজা ব্ৰকলীখিনি ভালদৰে মিক্সাৰত পিছি লৈ শিশুক খুৱাব পাৰিব ৷ আনহাতে, শিশুৰ আন খাদ্যৰ লগতো এই পিউৰী মিহলি কৰি শিশুক খুৱাব পাৰে ৷

মগু দাইলৰ খিচিৰি

যদি আপোনাৰ শিশুটিৰ বয়স ছয়মাহ হৈছে, তেতিয়া আপুনি তেওঁলোকক মগু দাইলৰে তৈয়াৰী খিচিৰি খুৱাব পাৰে ৷ শিশুটিক খুওৱাৰ আগতে খিচিৰিখিনিত অলপ ঘিউ মিহলি কৰি দিব ৷ খিচিৰি শিশুৰ বাবে অতি উত্তম খাদ্য ৷ ই শিশুটিৰ সুস্থ বিকাশত যথেষ্ট সহায়ক ৷

দাইল পানী

দাইলত বহুতো অত্যাৱশ্যকীয় ভিটামিন তথা খনিজ থাকে ৷ যাক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ আপোনাৰ শিশুটিক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি দাইলৰ পানী খুৱাব পাৰে ৷

ওটছ পিউৰী

ওটছৰ পিউৰী শিশুৰ বাবে খুবেই উপকাৰী ৷আপুনি ওটছখিনি ভালদৰে গুৰি কৰি গাখীৰৰ সৈতে ৰান্ধিব পাৰে ৷ যদি আপুনি বিচাৰে, সোৱাদৰ বাবে ইয়াত কল বা আন যিকোনো ফল যোগ দিব পাৰে ৷

লগতে পঢ়ক:Study: দৈনিক ব্যায়ামে শিশুসকলক মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে নেকি ?

ABOUT THE AUTHOR

...view details