ছালৰ বাবে এক্সফোলিয়েচন অতি গুৰুত্বপূৰ্ণ । এক্সফোলিয়েচন বা স্ক্ৰাব কৰিলে ছালখন গভীৰভাৱে পৰিষ্কাৰ হয় । স্ক্ৰাবিঙে ছিদ্ৰত জমা হোৱা মলি আঁতৰোৱাৰ কাম কৰে । ধূলি আৰু প্ৰদূষণৰ বাবে প্ৰায়ে ছালত মলি জমা হয় । ইয়াৰ বাবেই ছালখন নিস্তেজ আৰু নিৰ্জীৱ দেখিবলৈ আৰম্ভ কৰে । কিন্তু স্ক্ৰাব কৰিবলৈ আপুনি পাৰ্লাৰ যাব নালাগে, আপুনি ঘৰতে প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰি স্ক্ৰাব প্ৰস্তুত কৰিব পাৰিব ৷ ইয়াৰ দ্বাৰা আপোনাৰ মুখখন গভীৰভাৱে পৰিষ্কাৰ হ’ব ।
কেৱল মুখখনেই নহয় শৰীৰটোও স্ক্ৰাব কৰাটোও সমানেই গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত এলোভেৰা আৰু কফিৰ দৰে বস্তু ব্যৱহাৰ কৰি স্ক্ৰাব বনাব পাৰি । ইয়াৰ ফলত আপোনাৰ ছালখনো কোমল আৰু উজ্বল হৈ পৰিব ৷
চেনি আৰু এলোভেৰা
চেনি আৰু এলোভেৰা ব্যৱহাৰ কৰি বডি স্ক্ৰাব প্ৰস্তুত কৰিব পাৰে । ইয়াৰ বাবে প্ৰয়োজন অনুসৰি ৪ চামুচ চেনিত এলোভেৰা জেল মিহলাই লওক । আপুনি সতেজ এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে বা বজাৰৰ পৰা অনা এলোভেৰা জেলো ল’ব পাৰে ৷ ইয়াৰ পিচত ছালত কেইমিনিটমান মালিচ কৰিব লাগে । ১২ মিনিটৰ পিচত পানীৰে ছাল পৰিষ্কাৰ কৰিব পাৰিব । এমাহত ৩ বাৰ ব্যৱহাৰ কৰিব পাৰে স্ক্ৰাব । ইয়াৰ ফলত আপোনাৰ ছালৰ পৰা টেন আঁতৰি যাব ।
কফি আৰু কেঁচা গাখীৰ