টকা উপাৰ্জন আৰু আৰামদায়ক জীৱন-যাপন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাটো খুবেই প্ৰয়োজনীয়৷ কেতিয়াবা কষ্ট আৰু আবেগেৰে পৰিশ্ৰম কৰিও আমি সফলতা পাবলৈ সক্ষম নহও ৷ এনে পৰিস্থিতিত বহুতে চাকৰি সলনি কৰে বা আন কোনো নতুন প্ৰজেক্টত বিনিয়োগ কৰাৰ সিদ্ধান্ত লয় ৷ নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে মানুহৰ মনত বহু প্ৰশ্ন থাকে যে তেওঁলোক সফল হ’ব নে নাই ৷
নতুন কাম আৰম্ভ কৰাৰ সময়ত বহুতে সমস্যাৰ সন্মুখীন হ’লেও বহুতে তাৎক্ষণিক সফলতাও লাভ কৰে ৷ যদি আপুনিও নতুন কামত সফলতা লাভ কৰা নাই, তেন্তে ইয়াৰ আঁৰৰ কাৰণ হয়তো বাস্তুশাস্ত্ৰ ৷ আজি আমি আপোনালোকক ক'বলৈ ওলাইছো কিছুমান নিয়মৰ বিষয়ে যিবোৰ আপুনি নতুন কাম আৰম্ভ কৰাৰ সময়ত মানি চলাটো খুবেই প্ৰয়োজনীয় ৷
যদি আপুনি মালিক হয়
সদায় মনত ৰাখিব যে যদি আপুনি আৰম্ভ কৰা কামটোৰ মুৰব্বী বা বছ হয়, তেন্তে আপোনাৰ বহাৰ দিশটো অতি গুৰুত্বপূৰ্ণ ৷ বছ বা মালিক সদায় দক্ষিণ-পশ্চিম দিশত বহিব লাগে ৷ ইয়াৰ ফলত কামত স্থিৰতা আৰু সফলতা লাভ কৰিব পৰা যায় ৷
পানীৰ ফোৱাৰা বা মাছৰ একুৰিয়াম
আপোনাৰ কৰ্মস্থলীত পানীৰ ফোৱাৰা বা মাছৰ একুৰিয়াম স্থাপন কৰিব লাগিব ৷ আপুনি ইয়াক উত্তৰ-পূব দিশত ৰাখিব লাগে ৷ মনত ৰাখিব যে, যদি আপুনি মাছৰ একুৰিয়াম ৰাখে তেন্তে তাত ক’লা মাছ এটা থাকিব লাগিব ৷ ইয়াৰ ফলত কামৰ অগ্ৰগতি হয় ৷