মাছ শুকুৱাই সংৰক্ষণ কৰাটো এক অতি পুৰণি প্ৰথা । সতেজ মাছ বেছি সময় ৰখাটো সম্ভৱ নহয় । পুৰণি দিনত কোনো ফ্ৰিজ বা অন্যান্য সামগ্ৰী নাছিল । গতিকে যদি মানুহে অধিক মাছ পায়, তেওঁলোকে মাছৰ শৰীৰৰ পৰা অন্ত্ৰ আৰু পানী আঁতৰ কৰি নিমখ দি ৰ'দত শুকুৱাই ৰাখে । এনে কৰিলে শুকান মাছ দুবছৰলৈকে সংৰক্ষিত হৈ থাকে । কিন্তু আপুনি জানেনে এই মাছৰ আছে অনন্য় স্বাস্থ্য উপকাৰিতা ৷ যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক...
পুষ্টি: শুকান সৰু মাছত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিবোৰ আপোনাৰ শৰীৰৰ প্ৰগতিশীল বিকাশ আৰু কাৰ্য্যক্ষমতাৰ বাবে গুৰুত্বপূৰ্ণ ।
কলেষ্টেৰল নিয়ন্ত্ৰণ:শুকান সৰু মাছত ওমেগা-৩ ফেটি এচিড থাকে যিয়ে তেজৰ ছাল আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে ।
হাড়ৰ বাবে উপকাৰী:শুকান সৰু মাছত কেলচিয়াম, ফছফৰাছ আৰু ভিটামিন ডি থাকে যিয়ে হাড় মজবুত কৰাত সহায় কৰে ।
ওজন নিয়ন্ত্ৰণ:শুকান সৰু মাছত কেলৰি কম আৰু ইয়াত পুষ্টিৰ পৰিমাণ বেছি যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে ।
হজম শক্তি উন্নত কৰে: শুকান সৰু মাছে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু খাদ্য খোৱাৰ পিছত গেছ, এচিডিটি আৰু পেটৰ সমস্যা হ্ৰাস কৰে ।