পৰিষ্কাৰ-পৰিচ্ছন্নতা মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ । খাদ্য খোৱাৰ পূৰ্বে আৰু খাদ্য খোৱাৰ পাছতো প্ৰত্যেকেই নিজৰ হাত দুখন ধোৱাটো অতি জৰুৰী । প্ৰতিটো ক্ষেত্ৰতে হাত ধোৱা আৰু পৰিষ্কাৰকৈ ৰখাটো সুস্বাস্থ্যৰ অন্যতম পূৰ্বচৰ্ত(Global Handwashing Day 2022) । হাত দুখনৰ পৰাই পোনপটীয়াকৈ খাদ্যৰ জৰিয়তে বহুতো বেমাৰৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে । ই আমাৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় ।
২০০৮ চনৰ পৰা প্ৰত্যেক বছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্বব্যাপি ‘বিশ্ব হাত ধোৱা দিৱস’ (Global hand wash day) ৰূপে পালন কৰি অহা হৈছে । এই দিৱসটো ‘গ্ল’বেল হেণ্ড ৱাচিং পাৰ্টনাৰশ্বিপ’ৰ(Global Hand Watching Partnership) সৌজন্যত বিভিন্ন দল-সংগঠন, চৰকাৰ, বিভিন্ন আন্তৰ্জাতিক সংস্থা, এন জি অ’ৰ লগতে নানান ব্যক্তিগত কোম্পানী আদিৰ সহযোগত পালন কৰা হয়(Unite for Universal Hand Hygiene)।
প্ৰথম বছৰ অৰ্থাৎ ২০০৮ চনৰ ১৫ অক্টোবৰত এই দিনটোত সমগ্ৰ বিশ্বতে প্ৰায় ৭০ খন দেশৰ ১২০ নিযুত ল’ৰা-ছোৱালীয়ে চাবোনেৰে হাত ধুই এই দিৱসৰ সূচনা কৰে । তেতিয়াৰ পৰা প্ৰত্যেক বছৰে ১০০ খনতকৈও অধিক দেশৰ প্ৰায় ২০০ নিযুততকৈও অধিক লোকে এই হাত ধোৱা কাৰ্যৰ লগত জড়িত হৈ আহিছে । ১৯৬০ চনৰ পৰা ২০০৭ চনলৈ আমেৰিকাৰ এদল গৱেষকে এই অধ্যয়ন কৰি দেখিলে যে বিশ্বব্যাপী মাত্ৰ ৬৭ শতাংশ লোকে কেৱল শৌচ কৰাৰ পিছতহে হাত ধোৱে । মহিলাসকলৰ মাজত এই হাৰ ৭৫ শতাংশ আৰু সৰু ল’ৰা-ছোৱালীৰ মাজত ৫৮ শতাংশ ।
‘আমেৰিকান চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল'(American Center for Disease Control) নামৰ সংস্থাটোৰ গৱেষণাত দেখা গৈছে যে, আমেৰিকাৰ নিচিনা সভ্য দেশৰ লোকসকলৰ হাত নোধোৱাৰ কাৰণে প্ৰতি বছৰে প্ৰায় এক লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । হাত নোধোৱাৰ কাৰণে হোৱা বেমাৰৰ চিকিৎসাত প্ৰত্যেক বছৰে খৰচ হয় ৪.৫ বিলিয়ন ডলাৰ, যিটো আমাৰ দেশৰ হিচাপত কেইবা কোটি টকা হ’ব । এই বছৰ অৰ্থাৎ ২০১৭ চনৰ ১৫ অক্টোবৰৰ হাত ধোৱা দিৱসৰ মূল বিষয়বস্তু হ’ল ‘হাত দুখনেই আমাৰ ভৱিষ্যৎ’ (our hands, our future) এইটোৱে আমাক সোঁৱৰাই দিয়ে যে হাত ধোৱাৰ ফলত আমাৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাৰ উপৰি আমাৰ জাতি আৰু দেশৰ লগতে সমগ্ৰ বিশ্বও সুৰক্ষিত হৈ থাকিব ।
এই দিৱস পালনৰ তাৎপৰ্য হ’ল বিশ্বব্যাপী সকলোকে হাত ধোৱাৰ গুৰুত্ব সম্পৰ্কে সচেতন কৰা আৰু হাত ধোৱা কাৰ্যৰ প্ৰতি উদ্বুদ্ধ কৰা । বহুতেই এই কথা জানিলেও বাস্তৱিকতে ইয়াক অনুকৰণ নকৰে(Global Handwashing Day)। কিছুমান লোক আকৌ এই বিষয়টোৰ প্ৰতি একেবাৰে অসাৱধান ।
বহু গৱেষণাত দেখা গৈছে যে, হাত ধোৱাৰ ফলত পেটৰ বিষ, ডায়েৰিয়া, কলেৰা, অমাশয়, কৃমিৰ আক্ৰমণ প্ৰায় ৩৭ ভাগ কমে । তদুপৰি স্বাসতন্ত্ৰৰ ৰোগ, যেনে- ইনফ্লুয়েঞ্জা, কাহ, ডিঙিৰ ক্ষতিকাৰক সংক্ৰমণৰ প্ৰায় ৫০ শতাংশ কমে । দেখা গৈছে যে খোৱাৰ আগেয়ে আৰু শৌচ কৰাৰ পাছত হাত ধুলে ২০টা মাৰাত্মক প্ৰাণহানিকাৰক ৰোগৰ ৰক্ষা পোৱা যায় ।
সকলোতকৈ ভয়ানক কথাটো হ’ল আমাৰ দেশৰ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ অন্যতম কাৰণ হ’ল ডায়েৰিয়া, কলেৰা আদি বিভিন্ন সংক্ৰামক ৰোগ আৰু ভালকৈ হাত ধুলেই এই ৰোগসমূহৰ পৰা ৰক্ষা পোৱা যায় ।