অসম

assam

ETV Bharat / sukhibhava

থেলাছেমিয়া সম্পৰ্কত কিছু কথা - বিশেষ পৰীক্ষাৰ প্ৰয়োজন

থেলাছেমিয়া ৰোগীক কেনেদৰে চিনাক্ত কৰিব সেই সম্পৰ্কত কিছ কথা...

Understanding Thalassemia
থেলাছেমিয়া

By

Published : Sep 17, 2020, 8:01 PM IST

থেলাছেমিয়া ৰোগীক কেনেদৰে চিনাক্ত কৰিব :

3 মাহৰ পৰা 1 বছৰৰ ভিতৰৰ শিশুৰ থেলাছেমিয়াৰ লক্ষণসমূহ :

a) শক্তিহীনতা

b) হঠাতে বিৰক্ত হোৱা

c) নিদ্ৰাহীনতা

d) খাদ্য গ্ৰহণ নকৰা

e) ৰং হালধীয়া হৈ পৰা

f) পেটৰ বিকৃত ৰূপ ধাৰণ

g) পৰিয়ালৰ কোনো লোক থেলাছেমিয়াত আক্ৰান্ত হোৱা

h) বাৰে বাৰে ৰোগাক্ৰান্ত হোৱা

i) ওজন বৃদ্ধি নোহোৱা

সন্দেহজনক থেলাছেমিয়াৰ বাবে বিশেষ পৰীক্ষাৰ প্ৰয়োজন

এনেমিয়া স্ক্ৰীনিঙৰ জৰিয়তে এনে ৰোগীৰ চিনাক্তকৰণ সম্ভৱ নে ?

হয়, এনেমিয়া স্ক্ৰীনিঙৰ জৰিয়তে সম্ভৱ ৷ তেজৰ পৰীক্ষাত হিম'গ্লবিনৰ লেভেল 9-12 গ্ৰাম দেখাব ৷ ইয়াৰোপৰি, MCV, MCH আৰু RDW পৰীক্ষা কৰা হয় ৷

চিকিৎসা :

থেলাছেমিয়াত আক্ৰান্ত শিশুৱে 2-3 সপ্তাহৰ অন্তত তেজ সলনি কৰিব লগা হয় ৷

সজাগতাৰ প্ৰয়োজন :

থেলাছেমিয়া হৈছে জন্মগত তেজৰ ৰোগ ৷ বিভিন্ন ধৰণৰ থেলাছেমিয়া হ'ল-

a)গুৰুতৰ থেলাছেমিয়া : নিয়মীয়া তেজ সলনি তথা আইৰন চিলেটিঙৰ প্ৰয়োজন ৷

b)মধ্যমীয়া থেলাছেমিয়া : 2 বছৰ বয়সত এই ৰোগ চিনাক্ত কৰিব পাৰি ৷ ইয়াৰ পাচতে ৰোগীক পৰীক্ষণ আৰু নিয়মীয়াকৈ তেজ সলনি কৰাৰ প্ৰয়োজন ৷

c)ক্ষুদ্ৰ থেলাছেমিয়া : আমাৰ জনসংখ্যাৰ 4-5 শতাংশই এই ৰোগৰ চিকাৰ ৷ তেওঁলোকৰ Hb হৈছে 9-12 গ্ৰাম ৷

বিবাহৰ পূৰ্বে পৰীক্ষণৰ জৰিয়তে থেলাছেমিয়া টেষ্ট (HbA2) কৰাৰ জৰিয়তে এই ৰোগীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰি ৷ তেওঁলোকৰ HbA2 3.5 গ্ৰামৰ অধিক হ'লে তেওঁলোক এই ৰোগত আক্ৰান্ত হয় ৷ দুই থেলাছেমিয়া ৰোগীৰ মাজত বিবাহ অনুষ্ঠিত হোৱাত বাধা আৰোপ কৰিব পাৰিলে গুৰুতৰ থেলাছেমিয়া ৰোগী জন্ম হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব ৷

আনহাতে, অন্যান্য ৰোগ যেনে ডায়েবেটিছ, থাইৰয়ডত আক্ৰান্ত নোহোৱা এনে 18-60 বছৰ বয়সৰ 45 কিল'গ্ৰাম ওজনৰ অধিক ৰোগীয়ে প্ৰতি চাৰি বছৰৰ অন্তত ৰক্তদান কৰিব পাৰে ৷ যিহেতু এনে ৰোগীৰ দেহত তেজৰ পৰিমাণ কম হয় সেয়েহে তেওঁলোকক তেজ প্ৰদান কৰাৰ প্ৰয়োজন হয় ৷

খাদ্যাভাসত পৰিৱৰ্তনৰ প্ৰয়োজন নেকি ?

আইৰন থকা খাদ্য প্ৰতিদিনে খোৱা প্ৰয়োজন ৷ সাধাৰণ ডায়েট মানি চলিব লাগে ৷

থেলাছেমিয়া আৰু ছিকল চেল চ'ছাইটি সম্পৰ্কত :

হিম'গ্লবিন'পেথিছত আক্ৰান্ত সকলৰ বাবে হাইদৰাবাদস্থিত ছিকল চেল চ'ছাইটিয়ে সঠিক চিকিৎসা আগবঢ়াইছে ৷ 22 বছৰৰ পৰা এই চ'ছাইটিয়ে থেলাছেমিয়া ৰোগীক শুশ্ৰূষা কৰি আহিছে ৷

TSCS য়ে থেলাছেমিয়া আৰু ছিকল চেল এনেমিয়া ৰোগীৰ বাবে বিনামূলীয়া পৰামৰ্শ, তেল সলনি, সাময়িক চেক-আপৰ ব্যৱস্থা কৰিছে ৷ এই ৰোগী, অভিভাৱক তথা পৰিয়ালৰ লোকক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ জৰিয়তে ৰক্তৰ জটিলতা সম্পৰ্কত সকলোকে সজাগ কৰিব পৰা যাব ৷

লক্ষ্য আৰু উদ্দেশ্য :

* ৰোগীক উন্নত চিকিৎসা আৰু উন্নত মানদণ্ডৰ জীৱন প্ৰদান কৰা ৷

* নৱজাতকৰ দেহত এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে বিভিন্ন আঁচনি৷

* শেহতীয়া আৰু অতি কম মূল্যতে চিকিৎসাৰ যোগান ধৰিবৰ বাবে গৱেষণাক উৎসাহিত কৰা ৷

* নিম্নশ্ৰেণীৰ লোকসকলৰ বিনামূলীয়া তেজ সলনি, চিকিৎসা আৰু কাউন্সেলিং আদিৰ বাবে সহায় আগবঢ়োৱা ৷

* ৰোগীক সুৰক্ষিত/উন্নত মানদণ্ডৰ তেজ প্ৰদান কৰা ৷

* ৰাজহাঁড় প্ৰতিৰোপনৰ (BMT) পূৰ্বে আৰু অন্তত কাউন্সেলিং তথা মেনেজমেন্টৰ বাবে প্লেটফৰ্ম সৃষ্টি কৰা ৷

কাউন্সেলিঙৰ ভূমিকা :

প্ৰাৰম্ভিক পৰ্যায়ত শিশুৰ এনে ৰোগ সন্দৰ্ভত সজাগ কৰিবলৈ অভিভাৱকসকলক কাউন্সেলিং কৰাৰ প্ৰয়োজন ৷ তেওঁলোকে শিশুৰ চিকিৎসাৰ বাবে সাজু হ'লেহে সকলো সম্ভৱ হ'ব ৷ আমি অভিভাৱকসকলক আত্মনিৰ্ভৰশীল দল গঠন কৰি নিজৰ আবেগিক আৰু মানসিক দিশ আলোচনা কৰিবৰ বাবে উৎসাহিত কৰো ৷ এনে ধৰণৰ ৰোগীৰ 12 বছৰৰ পাচত কাউন্সেলিঙৰ প্ৰয়োজন হৈ পৰে ৷ আনহাতে, ছোৱালী ৰোগীয়ে প্ৰসূতি ৰোগ বিশেষজ্ঞৰ সহায় ল'ব লাগে ৷

ডঃ সুমন জেইনৰ পৰা সংগৃহীত

MBBS, DCH

CEO, থালাছেমিয়া আৰু ছিকল চেল চ'ছাইটি (Registered N.G.O- Reg. No: 5359)

ABOUT THE AUTHOR

...view details