চকুৰ গুৰি ক’লা পৰাৰ কাৰণ বহুত আছে ৷ এটা আগশাৰীৰ নাৰী-পৰিচ্ছন্নতা ব্ৰেণ্ডৰ সহ-প্ৰতিষ্ঠাপক হেৰী চেহৰাৱটে কৈছে যে, চকুৰ তলৰ ছালখিনি আটাইতকৈ কোমল আৰু পাতল সেয়েহে সময়ৰ সৈতে যত্ন ন’ললে ইয়াৰ ক’লা পৰাৰ সম্ভাৱনা অতি প্ৰখৰ ৷ হাইপাৰপিগমেন্টেচন, দুৰ্বল ৰক্ত সঞ্চালন, ভিটামিন চি ৰ অভাৱ এইবোৰ হৈছে চকুৰ গুৰি ক’লা পৰাৰ মুখ্য কাৰণ ৷ সাম্প্ৰতিক সময়ত ক’ভিড-19 এ সৃষ্টি কৰা পৰিৱেশকো এটা মুখ্য কাৰণ হিচাপে গণ্য কৰিব পাৰি ৷ হাইপাৰপিগমেন্টেচন আৰু চকু ফুলা সহজে নাইকিয়া কৰিব নোৱাৰি কিন্তু এইবোৰৰ প্ৰভাৱ কিছু পৰিমাণে কম কৰাৰ বিভিন্ন উপায় আছে ৷ (Tips Removing Dark Circle) হেৰী চেহৰাৱটে কিছুমান বিশেষ টিপছ্ ৰ বিষয়ে উল্লেখ কৰিছে...
ছাল উজ্জ্বল কৰা ক্ৰীম ব্যৱহাৰ কৰক
চকুৰ তলৰ ছাল পাতল হোৱা বাবে ইয়াৰ যত্নও অতি মনোযোগেৰে ল’বলগীয়া হয় ৷ ভিটামিন চি, ৰেটিনইড, আৰু হাইলুৰোনিক এচিড যুক্ত ক্ৰীমবোৰে চকুৰ গুৰিৰ ক’লা পৰা হ্ৰাস কৰাত সহায় কৰে ৷
চকুৰ গুৰি উজ্জ্বলতাৰ বাবে তৈয়াৰী ক্ৰীম ব্যৱহাৰ কৰক
চকুৰ গুৰিৰ বাবে বিশেষভাৱে তৈয়াৰী ক্ৰীমে ছাল সোঁতোৰা পৰা, ক’লা পৰা আৰু ফুলি থকা আদি সমস্যা দূৰ কৰাত সহায় কৰে ৷ এই ক্ৰীমত থকা হাইড্ৰেটিটং উপাদানসমূহে দীৰ্ঘ সময়ৰ বাবে ছালখনক হাইড্ৰেট কৰি ৰাখে ৷ দৈনিক ব্যৱহাৰ কৰিলে আপুনি 3ৰ পৰা 6 সপ্তাহৰ ভিতৰত পাৰ্থক্য অনুভৱ কৰিব পাৰিব ৷ কিন্তু আণ্ডাৰ আই ক্ৰীম ব্যৱহাৰ কৰাৰ আগতে ছাল-বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক, যিহেতু ছালৰ প্ৰকাৰ ভেদে প্ৰতিটো ক্ৰীমে বেলেগ বেলেগ ধৰণে কাম কৰে ৷
আইচ কিউব ব্যৱহাৰ কৰক
বৰফৰ ব্যৱহাৰে ফুলি থকা চকুৰ গুৰিক আৰাম প্ৰদান কৰে ৷ পাতল কপাহী কোমল কাপোৰত বৰফ মেৰিয়াই লৈ প্ৰায় 20 মিনিটৰ বাবে চকুত প্ৰয়োগ কৰক ৷ ঠাণ্ডা পানীত কাপোৰ তিয়াইয়ো আপুনি এনেদৰে চকুত লগাব পাৰে ৷