গুৱাহাটী, 11 অক্টোবৰ:সমাগত দুৰ্গাপূজা ৷ শৰৎ অহাৰ লগে লগে ধৰালৈ নামি আহিছে দেৱী দুৰ্গা । মা দূর্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ দুৰ্গা পূজা উপলক্ষে বজাৰ সমূহতো দেখা গৈছে গ্ৰাহকৰ ভিৰ ৷ দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিমাৰ খনিকৰসকলো ব্যস্ত হৈ পৰিছে । পূজা বুলি কলে প্ৰতিগৰাকী নাৰীয়ে নিজকে সজাই ভাল পায় ৷ বিভিন্ন ৰঙীণ কাপোৰেৰে মহিলা সকলে নিজকে সজাই তোলে ৷ পূজাৰ সময়ত ব্যস্ত হৈ পৰে ডিজাইনাৰসকলো ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিভিন্ন ধৰণৰ আটকধুনীয়া সাজ-পোচাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত ফেশ্বন ডিজাইনাৰ সকলে বিশেষ ভূমিকা পালন কৰে ৷
ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত ডিজাইনাৰ ৰঞ্জিতা দাসে এইবাৰৰ দূৰ্গাপূজাত কেনেধৰণৰ সাজ-পোচাকেৰে আপুনি নিজকে সজাই তুলিব পাৰে সেই সন্দৰ্ভত কিছু টিপছ আগবঢ়ায় ৷ তেওঁ কয় যে, পূজাৰ সময়ছোৱাত অকমান পাতল ৰঙৰ সাজ পৰিধান কৰিব পাৰে ৷ সপ্তমী পূজাৰ দিনা দিনৰ ভাগত বেবী পিংক, পাতল নীলা, ছিলভাৰ ৰঙৰ সাজ পৰিধান কৰিব পাৰে ৷ আনহাতে অষ্টমী আৰু নৱমীৰ দিনা দিনৰ ভাগত হালধীয়া, সেউজীয়া ৰঙৰ মেখেলা চাদৰ পৰিধান কৰিব পাৰে ৷ ইয়াৰোপৰি গোল্ডেন, ছিলভাৰ আদি ৰঙৰ সাজো পৰিধান কৰিব পাৰে ৷ ৰাতিৰ ভাগত অকমান ডাঠ ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে ৷